“আজাদী কা অমৃত মহোৎসৱ”: নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ‘ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ’

ভাৰতৰ স্বাধীনতা আন্দোলনৰ ৭৫ বছৰীয়া স্মৃতিসমূহ স্মৰণীয় কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা “আজাদী কা অমৃত মহোৎসৱ” শীৰ্ষক কাৰ্যসূচী উপলক্ষে আজি নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত “ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ” অনুষ্ঠিত কৰা হয়।

নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ পৰা আৰম্ভ কৰা প্ৰায় ৭ কিলোমিটাৰ জুৰি অনুষ্ঠিত কৰা এই দৌৰ কাৰ্যসূচীত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে।

ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে কয়- দেশক আজি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিবলৈ সুবিধা প্ৰদান কৰি যোৱা ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীৰ সেনানী সকলক শ্ৰদ্ধাৰে সুঁৱৰিছো।

স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি দেশৰ একতা আৰু জনসাধাৰণৰ সুস্বাস্থ্যৰ বাবে হাতত লোৱা এই সজাগতা দৌৰে দেশৰ উন্নয়নৰ বাবে সেৱা আগবঢ়াবলৈ জনসাধাৰণক দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰাৰ লগতে নিয়মিতভাৱে আসন- প্ৰাণায়াম কৰাৰ অভ্যাস গঢ়ি তুলি সুস্বাস্থ্যৰ গৰাকী হ’বলৈ উৎসাহিত কৰিব বুলি বিধায়ক শৰ্মাই আশা প্ৰকাশ কৰে।

বিধায়ক গৰাকীয়ে পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত আজি প্ৰায় ১৫০ গৰাকীতকৈও অধিক যুৱক- যুৱতীয়ে অংশগ্ৰহণ কৰে।

আজিৰ এই দৌৰ কাৰ্যসূচীত বিশিষ্ট অতিথি ৰূপে অতিৰিক্ত উপায়ুক্ত মনোৰঞ্জন পায়েং, নেহৰু যুৱ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ক্ষেত্ৰীয় সমন্বয়ক ঘনশ্যাম হাজৰিকা,জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতি, নগাঁও জিলা ক্ৰীড়া সংস্থাৰ সম্পাদক প্লাৱন বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷