NORTHEAST NOW (Assamese)

কইম্বাটুৰ বোমা বিস্ফোৰণৰ গোচৰত পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 25, 2022 6:09 pm · এন ই নাও নিউজ, গুৱাহাটী

তামিলনাডুৰ কইম্বাটুৰৰ এটা মন্দিৰৰ বাহিৰত শেহতীয়াকৈ হোৱা গাড়ী বিস্ফোৰণত জড়িত থকাৰ অভিযোগত পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে তামিলনাডু আৰক্ষীয়ে।

উক্কাদম অঞ্চলৰ এটা মন্দিৰৰ ওচৰত নিজৰ গাড়ীৰ ভিতৰত এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জামিশা মুবিন নামৰ ব্যক্তিগৰাকীৰ মৃত্যু হৈছিল।

ঘটনাৰ পিছতে আৰক্ষীয়ে এই বিস্ফোৰণৰ সৈতে সন্ত্ৰাসবাদীৰ সম্পৰ্ক থকাৰ সন্দেহত তদন্ত আৰম্ভ কৰিছিল। প্ৰাথমিক তদন্তত বিস্ফোৰণ হোৱা গাড়ীখনৰ ভিতৰত দুটা চিলিণ্ডাৰ আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল।

ইফালে মৃত জামিশা মুবিনৰ বাসগৃহত তালাচী চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছিল।

আৰক্ষীৰ প্ৰতিবেদন অনুসৰি মুবিনৰ তিনি বন্ধু ক্ৰমে, নৱাজ ইছমাইল, ফিৰোজ ইছমাইল আৰু মহম্মদ ৰিয়াজে তেওঁক চিলিণ্ডাৰ আৰু কম তীব্ৰতাৰ বিস্ফোৰক সামগ্ৰী গাড়ীত লোড কৰাত সহায় কৰিছিল।

তিনিও বন্ধুৱে মুবিনৰ পৰিকল্পনাৰ বিষয়ে পূৰ্বৰে পৰা জনাৰ পিছতো তেওঁক সহায় কৰিছিল বুলি আৰক্ষীয়ে অভিযোগ কৰিছে। আৰক্ষীয়ে লগতে উল্লেখ কৰা মতে মহম্মদ আজহাৰুদ্দিন নামৰ আন এগৰাকী সন্দেহযুক্ত ব্যক্তি এই পৰিকল্পনাত জড়িত আছিল।

থালকা নামৰ আন এগৰাকী স্ক্ৰেপ ডিলাৰে অভিযানটোৰ বাবে বিনামূলীয়াকৈ এখন পুৰণি মাৰুতি গাড়ী দি সহায় কৰিছিল বুলি আৰক্ষীয়ে লগতে প্ৰতিবেদনত উল্লেখ কৰিছে।

উল্লেখ্য যে, কলম্বো ইষ্টাৰ বোমা বিস্ফোৰণৰ সন্দেহযুক্ত নেতাৰ সৈতে সু-সম্পৰ্ক থকাৰ অভিযোগত কেৰালাত গ্ৰেপ্তাৰ কৰা এগৰাকী ব্যক্তিৰ সৈতে সম্পৰ্ক ৰক্ষাৰ বাবে ২০১৯ চনত নিয়া (NIA)ই মুবিনক জেৰা কৰিছিল।

Related News