পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যা! আৰক্ষীৰ জালত মূল অভিযুক্তকে ধৰি আন ৪ জন

মহানগৰীত দিন দুপৰতে সংঘটিত হোৱা পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাকাণ্ডৰ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । দেওবাৰে আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্তই সংবাদমেলযোগে এই কথা সদৰি কৰিছে।

শিহৰণকাৰী এই হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা SIT ৰ তদন্তৰ অন্তত হত্যাকাণ্ডত অভিযুক্তসকলক চিনাক্ত কৰা হৈছে। হত্যাকাণ্ডত জড়িত অভিযুক্ত কেইজনমান মহানগৰ আৰক্ষীৰ জিম্মাত আছে।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে ৩ সপ্তাহৰ পূৰ্বৰ পৰাই হত্যাকাৰীয়ে ৰঞ্জিত বৰাৰ গতিবিধি অনুসৰণ কৰি আছিল। এই ঘটনাত জড়িত ৬জনীয়া এটা দল জড়িত থকাৰ কথা আৰক্ষীয়ে জানিবলৈ দিছে।

ঘটনাৰ মূল অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছে হাজোৰ শ্বাহ আলম তালুকদাৰক। শ্বাহ আলম তালুকদাৰ এক্সেল একাডেমীৰ স্বত্বাধিকাৰী। বাইকত অহা আন এজন অভিযুক্ত হৈছে সুজল আলী। বাইকত অহা শ্বাহ আলমে ঘটনাৰ দিনাখন গুলী চলাইছিল।

এই হত্যাকাণ্ডৰ ঘটনাৰ আন ৩ জন অভিযুক্ত হৈছে জয়দেৱ মহন্ত, জিতুমণি বৰ্মন আৰু হৰেন পাটগিৰি। বাকী আন এজন অভিযুক্তৰ নাম ৰাজহুৱা কৰা নাই।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে পল্টনবজাৰৰ বেংক অৱ বৰোদাৰ ডকাইতিতো এই দলটো জড়িত আছিল। তদুপৰি, ৩১ জানুৱাৰীত মুকালমুৱাৰ ব্যৱসায়ীৰ পৰা  ১১ লাখ টকা লুটি নিয়াৰ লগতে এই দলটো আন বহু অপৰাধৰ সৈতে জড়িত আছিল।

অভিযুক্ত পাঁচজন বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আৰু আনজনক গ্ৰেপ্তাৰৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে।

ঘটনাৰ দিনাৰ দৃশ্য। ফাইল ফটো।

 

উল্লেখ্য যে, মহানগৰীৰ পাঞ্জাবাৰীত ২১ নৱেম্বৰৰ দুপৰীয়া সংঘটিত হোৱা এক গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আহত পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ জিএমচিএইচলৈ নিয়াৰ পথত মৃত্যু হৈছিল

বেংকত ধন জমা কৰিবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই বৰাক লক্ষ্য কৰি গুলীচালনা কৰিছিল। পাঞ্জাবাৰী পথৰ শিল্পগ্ৰামৰ সমীপত সংঘটিত হৈছিল ঘটনাতো।

পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ মূৰত গুলী লাগিছিল। দুৰ্বৃত্তই বৰাক গুলী কৰি তেওঁৰ লগত থকা ৫ লাখ টকা লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল