ক’ৰ’না সম্পৰ্কীয় ভুৱা বাতৰি বিয়পোৱাৰ বাবে মাজুলীত মহিলাসহ পাঁচজনক আটক

3590 persons test Covid19 positive in Assam on Wednesday

প্ৰতিনিধিত্বমূলক ফটো

চ’চিয়েল মেডিয়াত ক’ৰ’না ভাইৰাছ সম্পৰ্কীয় ভুৱা বাতৰি বিয়পোৱাৰ বাবে মাজুলী আৰক্ষীয়ে জিলাখনত এগৰাকী মহিলাসহ পাঁচজন লোকক আটক কৰিছে।

ফে’চবুক, হুৱাটছএপকে ধৰি সামাজিক মাধ্যম (Social Media) সমূহত যিকোনো ধৰণৰ উৰা বাতৰি, অপপ্ৰচাৰ, অতিৰঞ্জিত খবৰ আদি প্ৰচাৰৰ পৰা সম্পূৰ্ণ বিৰত থাকিবলৈ জনসাধাৰণলৈ পুণৰবাৰ আহ্বান জনাইছে মাজুলী জিলা প্ৰশাসনে।

উল্লখযোগ্য যে Covid-19 সন্দৰ্ভত মাজুলী জিলাতো একাংশ লোকে সামাজিক মাধ্যমত শেহতীয়াকৈ উৰা বাতৰি বিয়পোৱাৰ অপচেষ্টাত লিপ্ত হোৱা জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে।

ইতিমধ্যে মাজুলীত এনে ধৰণৰ উৰা বাতৰি প্ৰচাৰকাৰীৰ বিৰুদ্ধে জিলা প্ৰশাসন তথা মাজুলী আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

গতিকে, ফেচবুক, হুৱাটছএপ আদি সামাজিক মাধ্যমসমূহ ব্যৱহাৰ কৰোতে সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰিবলৈ জিলাখনৰ প্ৰতিগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰীক পুণৰবাৰ আহ্বান জনাইছে মাজুলী জিলা প্ৰশাসনে।