কাশ্মীৰত তাপমাত্ৰা এতিয়া মাইনাছ ডিগ্ৰী। তাত বৰফো পৰিছে প্ৰচুৰ। এই ভয়ংকৰ ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ গোটেই পৰিয়ালটোৱে ৰাতি ঘৰৰ ভিতৰত গেছ হিটাৰ জ্বলাই লৈ শুইছিল। সেই টোপনিয়েই আছিল শেষ টোপনি। শ্বাসৰুদ্ধ হোৱাৰ ফলত পিতৃ-মাতৃ আৰু তিনিওটা সন্তানৰ মৃত্যু হয়।
অচেতন অৱস্থাত তেওঁলোকক চিকিৎসালয়লৈ নিয়াৰ পিছতত চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ জিলাত।
জানিব পৰা মতে, পৰিয়ালটো বাৰামুল্লা জিলাৰ বাসিন্দা যদিও তেওঁলোকে শ্ৰীনগৰত ভাড়াঘৰ লৈ আছিল। দেওবাৰে স্থানীয় ৰাইজে ঘৰৰ ভিতৰতে ৫ জন অচেতন লোকক উদ্ধাৰ কৰে। চিকিৎসালয়লৈ নিয়াত চিকিৎসকে কয় যে তেওঁলোকৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হৈছে।
এই দুৰ্ঘটনাৰ খবৰ পাই জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই শোক প্ৰকাশ কৰে। তেওঁ এক্স হেণ্ডেলত মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। লগতে শীতকালৰ পৰা হাত সাৰিবলৈ চৰকাৰে দিয়া নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনায়।
পূৰ্বৰ অভিলেখ ভংগ কৰি এই হাড় কঁপোৱা ঠাণ্ডাই শীতকালত আঘাত হানিছে জম্মু-কাশ্মীৰত। যোৱা দেওবাৰে তাপমাত্ৰা মাইনাছ ১৭ ডিগ্ৰীলৈ হ্ৰাস পাইছিল। কাশ্মীৰৰ অধিকাংশ অঞ্চল বৰফেৰে আবৃত হৈ পৰিছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।
তাত কোৱা হৈছে, শীতৰ পৰা বাচিবলৈ এতিয়া কাশ্মীৰৰ ঘৰে ঘৰে ৰুম হিটাৰ ব্যৱহাৰ কৰা হৈছে। কিন্তু একাংশ লোকে ভুল কৰি এল পি জি হিটাৰ ব্যৱহাৰ কৰিছে যিটো অতি বিপদজনক। প্ৰশাসনে কয় যে ঘৰৰ বাহিৰলৈ গেছ নিঃসৰণৰ ব্যৱস্থা থকা হিটাৰ ব্যৱহাৰ কৰাটো নিৰাপদ। লগতে বন্ধ কোঠাত হিটাৰ ব্যৱহাৰ নকৰিবলৈ বাৰ্তা দিয়া হৈছে।
প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে এল পি জি হিটাৰৰ পৰা কাৰ্বন মনোক্সাইড গেছ নিৰ্গত হয়। এই হিটাৰবন্ধ কোঠাত ব্যৱহাৰ কৰিলে ক্ষতিকাৰক গেছবোৰ বাহিৰলৈ ওলাই আহিব নোৱাৰি কোঠাটোৰ ভিতৰত বিয়পি পৰে। ফলত অক্সিজেনৰ মাত্ৰা কমি যায় আৰু মানুহৰ মৃত্যু ঘটে। ইয়াতো একেই ঘটনা হোৱা বুলি দাবী কৰা হৈছে।