NORTHEAST NOW (Assamese)

নিজ নিজ ক্ষেত্ৰৰ অনবদ্য অৱদানৰ বাবে ৫ দ্বিগজ অসমীয়াক ‘পদ্ম’ সন্মান

January 26, 2025 8:11 am · এন ই নাও নিউজ, গুৱাহাটী

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত শনিবাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে পদ্ম বঁটা। ২০২৫ বৰ্ষৰ বাবে ঘোষিত পদ্মসন্মানৰ বাবে নিৰ্বাচিত হৈছে দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁলোকলৈ আগবঢ়োৱা হৈছে সন্মানীয় পদ্ম বঁটা।

অসমৰ জয়নাচৰণ বাথাৰীলৈ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে। ডিমাচা লোক-সংগীতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বাথাৰীলৈ এই সন্মান আগবঢ়োৱা হৈছে। একেদৰে, নৃত্যাচাৰ্য যতীন গোস্বামীলৈ পদ্মভূষণ বঁটা আগবঢ়োৱা হৈছে। কলা শাখাত যতীন গোস্বামীলৈ এই সন্মান আগবঢ়োৱা হৈছে। অনিল কুমাৰ বড়োলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী। সাহিত্য আৰু শিক্ষাৰ বাবে অনিল কুমাৰ বড়োলৈ আগবঢ়োৱা হৈছে এই সন্মান।

লেখিকা গীতা উপাধ্যায়লৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী। সাহিত্য আৰু শিক্ষাৰ বাবে উপাধ্যায়লৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। কলা শাখাত ৰেৱকান্ত মহন্তলৈও পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে।

একেদৰে, উত্তৰ-পূবৰ অংগৰাজ্য গালেণ্ডৰ আদৰ্শ কৃষক এল হাংথিঙলৈও আগবঢ়োৱা হৈছে পদ্মশ্ৰী

তদুপৰি অৰুণাচল প্ৰদেশৰ সমাজসেৱক জুমদে য়মগাম গামলিনলৈ পদ্মশ্ৰী আগবঢ়োৱা হৈছে। ছিকিমৰ লোক-সংগীতৰ সাধক নৰেন গুৰুঙলৈও আগবঢ়োৱা হৈছে পদ্মশ্ৰী

Related News