অৱসৰৰ পূর্বে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে দিবলগীয়া ৫টা গুৰুত্বপূৰ্ণ ৰায়

ranjangogoi1_1556013955943

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ অহা ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব। মাত্ৰ ১০ দিনতকৈয়ো কম কৰ্মদিন থকা অৱস্থাত বিভিন্ন বিষয়ৰ পাঁচটা অতি গুৰুত্বপূৰ্ণ ৰায়দান কৰিবলগীয়া আছে মুখ্য ন্যায়াধীশগৰাকীৰ।

এইবোৰৰ ভিতৰত আছে তেওঁৰ নেতৃত্বত গঠিত সাংবিধানিক বিচাৰপীঠত হিন্দু আৰু মুছলমান উভয়পক্ষই আবেদন জনোৱা ৰাম জনমভূমি-বাবৰি মছজিদৰ বিতৰ্কিত ভূমিৰ স্বত্ত্বৰ বহু অপেক্ষিত ৰায়দান।

বিষয়টো সন্দৰ্ভত ৪০ দিন ধৰি ধাৰাবাহিক শুনানিৰ ইতিমধ্যে সমাপ্তি ঘটিছে। বিচাৰপীঠখনত যোৱা ১৬ অক্টোবৰত পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে অনুমোদন জনোৱা এছ এ ববডেও আছে।

বিগত ২০১০ চনত উক্ত ভূমি ৰাম লালা, নিৰ্মোহী আখাৰা আৰু ছুন্নী ৱাকফ বোৰ্ডৰ মাজত ভাগ কৰি দিয়া এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায় সঠিক আছিলনে সেইটোও আহিবলগীয়া ৰায়টোৱে নিৰ্দ্ধাৰণ কৰিব।

আনহাতে, মুখ্য ন্যায়াধীশ গৰাকীৰ নেতৃত্বতে গঠিত পাঁচজনীয়া ন্যায়াধীশৰ পৰ্যালোচনা বিচাৰপীঠে কোৰালাৰ ছবৰীমালা মন্দিৰত ঋতুমতী নাৰীক পূজা-অৰ্চনা কৰাৰ বাবে থকা বাধা উঠাই দিয়া ২০১৮’ৰ ছেপ্টেম্বৰৰ ৰায়টোক বাহাল ৰখা বা আঁতৰাই ৰখাৰো আশা কৰা হৈছে।

মুখ্য ন্যায়াধীশগৰাকীয়ে নেতৃত্ব দিয়া এখন বিচাৰপীঠে যোৱা ১০ মে’ত ৰাফেল যুদ্ধ বিমান চুক্তি সন্দৰ্ভত অধিবক্তা প্ৰশান্ত ভূষণ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰী আৰু যশোৱন্ত সিনহাই দাখিল কৰা যৌথ আবেদনৰ সংৰক্ষিত ৰায়টোৰ সন্দৰ্ভতো সিদ্ধান্তৰ অপেক্ষা কৰা হৈছে।

শুনানিৰ সময়ত আদালতত উত্থাপন কৰা এটা প্ৰধান বিষয় আছিল ৩৬ খন জেটৰ চুক্তিৰ সন্দৰ্ভত যোৱা বছৰৰ অক্টোবৰত আবেদনকাৰীয়ে দাখিল কৰা এক দুৰ্নীতিৰ অভিযোগত  চিবিআইয়ে কিয় এক এফ আই আৰ দাখিল কৰা নাছিল।

পুনৰীক্ষণ আবেদনত অভিযোগ কৰা হৈছিল যে চৰকাৰে ২০১৮’ৰ ১৪ ডিচেম্বৰত  চুক্তিখন বাহাল ৰখাৰ ৰায়টোৰ ক্ষেত্ৰত আদালতক ভুলপথে পৰিচালিত কৰিছিল।

কিন্তু চৰকাৰে যুক্তি দৰ্শাইছিল যে চৰকাৰৰ নীতিৰ ওপৰত আদালতৰ হস্তক্ষেপৰ সীমাবদ্ধতা আছে। ৰাফেল চুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰই জেট ক্ৰয়ৰ বাবে আগবাঢ়িবলৈ এটা “সৰ্বসন্মত সিদ্ধান্ত’ গ্ৰহণ কৰিছিল।

উক্ত দিনাই, ১০মে’ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ বিচাৰপীঠে সৰ্বোচ্চ আদলতত ভুলভাৱে “চকীদাৰ চোৰ হেই’ বাক্যাংশ ব্যৱহাৰ কৰা বুলি ক্ষমা বিচৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপি নেত্ৰী মীনাক্ষী লেখিয়ে দাখিল কৰা এক অপৰাধী অৱমাননাৰ আবেদনৰ ৰায়ো সংৰক্ষিত ৰাখিছিল।

আনহাতে, মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ এখন বিচাৰপীঠে সংসদত “মানি বিল’ হিচাপে গৃহীত কৰা বিত্তীয় আইন,২০১৭’ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এলানি আবেদনৰো ৰায় সংৰক্ষিত ৰাখিছিল।