ভোটগ্ৰহণ চলি থকাৰ সময়তে পাকিস্তানত সন্ত্ৰাসবাদী আক্ৰমণঃ পাঁচ আৰক্ষী জোৱান নিহত

Pakistan election

আজি অনুষ্ঠিত হৈছে পাকিস্তানৰ সাধাৰণ নিৰ্বাচন। নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে আজি ডেৰা ইছমাইল খান জিলাত এক ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়।

এই সন্ত্ৰাসবাদী আক্ৰমণত পাঁচজন পাকিস্তানী আৰক্ষী জোৱান নিহত হোৱাৰ লগতে আন দুজন জোৱান আহত হয়। ডেৰা ইছমাইল খান জিলাৰ কুলাচীত সন্ত্ৰাসবাদীয়ে চলায় এই আক্ৰমণ।

আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, উগ্ৰপন্থীয়ে প্ৰথমে আৰক্ষীৰ মোবাইল ভান এখনত আক্ৰমণ চলায় আৰু তাৰ পিছত ৩০ মিনিটতকৈ অধিক সময় আৰক্ষীৰ ওপৰত গুলীচালনা কৰে।

লক্ষণীয়ভাৱে আজি ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা শক্তিশালী কৰাৰ উদ্দেশ্যে দেশখনত মোবাইল ফোন সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল।

উল্লেখ্য যে বুধবাৰেও পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ নিৰ্বাচনী কাৰ্যালয়ক লক্ষ্য কৰি দুটাকৈ বিধ্বংসী বোমা বিস্ফোৰণ সংঘটিত হৈছিল।

এই বোমা বিস্ফোৰণ দুটাত প্ৰায় ২৫ জন লোক নিহত হোৱাৰ লগতে ৪২ জন আহত হয় বুলি জানিব পৰা গৈছে।