NORTHEAST NOW (Assamese)

বিবাহ উপলক্ষে গৈছিল কন্যাকুমাৰীলৈ; সাগৰত উটি গ’ল ৫ গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ

May 7, 2024 10:40 am · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

মৰ্মান্তিক ঘটনা। সাগৰত উটি গ’ল ৫ গৰাকীকৈ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ। তাৰ ভিতৰত দুগৰাকী ছাত্ৰীও আছে। সোমবাৰে তামিলনাডুৰ কন্যাকুমাৰী উপকূলত সংঘটিত হয় এই ঘটনা। আৰু কেইসপ্তাহমানৰ পিছত তেওঁলোকৰ চিকিৎসাৰ পাঠ্যক্ৰম শেষ হোৱাৰ কথা আছিল। পৰীক্ষাত উত্তীৰ্ণ হ’লে পাঁচোগৰাকীয়েই ডাক্তৰ হ’লহেঁতেন। এখন বিয়াত কন্যাকুমাৰীলৈ গৈছিল আটাইকেগৰাকীয়ে।

কন্যাকুমাৰী জিলা আৰক্ষী অধীক্ষক ই সুন্দৰবাথানমে জনোৱা মতে, সোমবাৰে লেমুৰ উপকূলত ৫গৰাকীয়েই গা ধুবলৈ নামিছিল। সাগৰত জোৱাৰৰ বাবে বিপদৰ আশংকাত বিচটো বন্ধ কৰি দিয়া হৈছিল। তেওঁলোকে নাৰিকল গছৰ অৰণ্যৰ মাজেৰে সাগৰৰ পাৰলৈ গৈছিল। তাতেই ডুবি গ’ল।

লগতে পঢ়কঃ গান্ধী-নেহৰুৱে ভবা নাছিল যে তেওঁলোককো দেশদ্ৰোহী বুলি কোৱা হ’ব: ৰায়েবেৰেলীত সৰৱ প্ৰিয়ংকা গান্ধী

তদন্তত জানিব পৰা মতে নিহত শিক্ষাৰ্থীকেইগৰাকী তিৰুচিৰাপল্লীৰ এছ আৰ এম মেডিকেল কলেজৰ ছাত্ৰ। দেওবাৰে মহাবিদ্যালয়ৰ এটা বৃহৎ দলে বিয়া উপলক্ষে কন্যাকুমাৰীলৈ গৈছিল। সোমবাৰে ছাত্ৰ-ছাত্ৰীসকলে সৰু সৰু গোটত বিভক্ত হৈ চহৰখন ভ্ৰমণ কৰিবলৈ ওলাই যায়। পাঁচজনীয়া দলটো গৈছিল লেমুৰ বিচলৈ।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, নিহত শিক্ষাৰ্থীকেইগৰাকী হৈছে থাঞ্জাভুৰুৰ চাৰুকবি, নেভেল্লীৰ গায়ত্ৰী, কন্যাকুমাৰীৰ সৰ্বদৰ্শিত, ডিণ্ডিগুলৰ প্ৰবীণ শ্যাম আৰু অন্ধ্ৰ প্ৰদেশৰ ভেংকটেশ।

সেই পাঁচগৰাকী শিক্ষাৰ্থীৰ সৈতে আৰু তিনিগৰাকী ইন্টাৰ্ণো সাগৰত নামিছিল। তেওঁলোকক উদ্ধাৰ কৰা হৈছে। সেই তিনিগৰাকী হ’ল কাৰুৰৰ নেশী, থেনিৰ প্ৰীতি প্ৰিয়ংকা আৰু মাদুৰাইৰ শৰণ্যা। তিনিওগৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান তেওঁলোকৰ চিকিৎসা অব্যাহত আছে।

লগতে পঢ়কঃ IPL 2024: ডুবন্ত মুম্বাইৰ দুৰন্ত সূৰ্য! ৱানখেড়েত সূৰ্যকুমাৰ যাদৱৰ বিধ্বংসী শতকেৰে হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰিলে মুম্বাইয়ে

ইপিনে, দেওবাৰে কন্যাকুমাৰীৰ আন এটা বিচত তিনিগৰাকী লোক পানীত উটি গৈ মৃত্য হয়। তেওঁলোক চেন্নাইৰ পৰা গৈছিল। 

Related News