NORTHEAST NOW (Assamese)

বন্ধ ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ ৫টা মৃতদেহ! মজিয়াত পৰি ৰৈছে পিতৃ-মাতৃ; বাকচত তিনি কন্যাৰ মৃতদেহ

January 10, 2025 9:12 am · এন ই নাও নিউজ, নতুন দিল্লী

বৃহস্পতিবাৰে নিশা এটা বন্ধ ঘৰৰ পৰা একেটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃতদেহ উদ্ধাৰ কৰা হয়! কোনে এনেদৰে এহাল দম্পতী আৰু তেওঁলোকৰ তিনিগৰাকী কন্যাক হত্যা কৰিলে আৰক্ষীয়ে তাৰ তদন্ত অব্যাহত ৰাখিছে। বিচনাত থকা এটা বাকচৰ ভিতৰত লুকুৱাই ৰাখিছিল তিনিটা শিশুৰ মৃতদেহ।

বৃহস্পতিবাৰে নিশা উত্তৰ প্ৰদেশৰ মীৰাটৰ লিছাডি গেট থানা এলেকাত সংঘটিত হোৱা এই কাণ্ডত তদন্তকাৰীয়ে পুৰণি শত্ৰুতাকে সম্ভাৱ্য কাৰণ হিচাপে অনুমান কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, ঘৰটো বাহিৰৰ পৰা তলা লগোৱা আছে, কোনো এজন বাসিন্দাৰ সন্ধান নাই বুলি এই সন্দৰ্ভত থানালৈ ফোন আহে। ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে ঘৰৰ দুৱাৰখন বাহিৰৰ পৰা তলা লগোৱা দেখে, কোনো সাৰ-সুৰ নাই। ইয়াৰ পিছতে আৰক্ষীয়ে ঘৰৰ ছাদৰে ভিতৰত প্ৰৱেশ কৰি মৃতদেহ কেইটা উদ্ধাৰ কৰে। মৃত্যু হোৱা লোক কেইজন হৈছে মইন, তেওঁৰ পত্নী আছমা আৰু তেওঁলোকৰ তিনিগৰাকী কন্যা আফছা (৮), আজিজা (৪), আৰু আদিবা (১)।

তদন্তকাৰীৰ মতে ঘৰটোত যিদৰে তলা লগোৱা হৈছিল, তাৰ পৰা অনুমান কৰিব পাৰি যে অপৰাধী সম্ভৱতঃ পৰিয়ালটোৰ পৰিচিত। প্ৰাৰম্ভিক তদন্তই পুৰণি শত্ৰুতাৰ সম্ভাৱনাৰ ইংগিত দিয়ে। ফৰেনছিক দল আৰু জ্যেষ্ঠ বিষয়াই ঘটনাস্থলীৰ পৰা প্ৰমাণ সংগ্ৰহ কৰিছে।

স্থানীয় সূত্ৰৰ মতে, পৰিয়ালটো শেহতীয়াকৈ এই অঞ্চললৈ গুচি আহিছিল। মইন পেছাত মিস্ত্ৰী আছিল। তেওঁ আৰু তেওঁৰ পত্নী আছমা বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল। ককায়েকক বিচাৰি নোপোৱাৰ বাবে চিন্তিত হৈ মইনৰ ভাতৃ চেলিম বৃহস্পতিবাৰে মইনৰ ঘৰলৈ গৈছিল। তলাটো দেখাৰ পিছত কিছু অনুমান কৰি আৰক্ষীক খবৰ দিয়া হয় ।

ঘৰৰ ভিতৰত মইন আৰু আছমাৰ মৃতদেহ মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ হয়। আৰু বিচনাৰ তলত থকা এটা বাকচৰ ভিতৰত তিনিজনী ছোৱালীৰ মৃতদেহ লুকুৱাই ৰখা আছিল।

আৰক্ষীয়ে জনোৱা মতে, নিহত এজনৰ ভৰি বিচনা চাদৰেৰে বান্ধি ৰখা আছিল। এনে ঘটনাৰ লগত কোন জড়িত আৰু তেওঁলোকৰ উদ্দেশ্য কি সেই বিষয়ে জানিবলৈ তদন্ত অব্যাহত আছে।

Related News