অৰুণাচলত অস্ত্ৰ-শস্ত্ৰ সহ পাঁচগৰাকী নগা বিদ্ৰোহীৰ আত্মসমৰ্পন

অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লংডিঙত পাঁচ গৰাকী নগা উগ্ৰপন্থীৰ কেডাৰে আত্মসমৰ্পন কৰে।

বুধবাৰে নগা উগ্ৰপন্থীৰ দুৰ্ধৰ্ষ কেডাৰ পাঁচগৰাকীয়ে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ উভতি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আত্মসমৰ্পন কৰা নগা উগ্ৰপন্থী কেডাৰ পাঁচগৰাকী হৈছে ক্ৰমে জেৱাং ৱাংছা, আৱম ৱাংচু, ৱাংছেন ৱাংছা ,চাইবৌ পানচা আৰু চাফা পানচা।

আত্মসমৰ্পন কৰা আটাইকেইজন নগা উগ্ৰপন্থীৰ ঘৰ অৰুণাচলৰ লংডিং জিলাত আৰু সদস্য কেইজন এন এছ চি এন (কে) আৰু এন এছ চি এন (আই এম) গোটৰ বুলি সেনাৰ সূত্ৰত প্ৰকাশ।

বুধবাৰে, নগা উগ্ৰপন্থী কেইগৰাকীয়ে অস্ত্ৰ-শস্ত্ৰ সহ অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে।

অৰুণাচল আৰক্ষী আৰু অসম ৰাইফলছে বিগত সময়ত অৰুণাচল প্ৰদেশত সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ কৰাৰ ফলতে উগ্ৰপন্থী সদস্য সকলে হেঁচাৰ সন্মুখিন হৈ আত্মসমৰ্পন কৰিবলগীয়া হৈছে বুলি ধাৰণা কৰা হৈছে।