NORTHEAST NOW (Assamese)

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

May 15, 2025 8:12 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু ঘটে। গুৰুতৰভাৱে আহত আৰু ৮ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে জনোৱা মতে, বলৰামপুৰ-বাহৰাইচ ৰাষ্ট্ৰীয় ঘাইপথত এখন গাড়ী আৰু তীব্ৰবেগী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ঘটে। বুধবাৰে মাজনিশা সংঘটিত হোৱা দুৰ্ঘটনাটোত ৫জন লোকৰ থিতাতে মৃত্যু হয়।

জিলা দণ্ডাধীশ পৱন আগৰৱালাই জানিবলৈ দিয়া মতে, ভূলালিহা গাঁৱৰ এটা পৰিয়ালৰ সদস্য বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল। তাৰ পৰা উভতি অহাৰ পথত তেওঁলোকৰ গাড়ীখন দুৰ্ঘটনাৰ সন্মুখীন হয়।

তেওঁ কয়, “এখন দ্ৰুতবেগী ট্ৰাকে সৰু গাড়ীখনত খুন্দা মাৰে। থিতাতে ৫ জন লোকৰ মৃত্যু হয়। আন ৮ জন গুৰুতৰভাৱে আহত হয়। তেওঁলোকক বলৰামপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।”

আৰক্ষী অধীক্ষক বিকাশ কুমাৰে কয়, “দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজনে পলায়ন কৰে। অৱশ্যে ট্ৰাকখন জব্দ কৰা হৈছে। ট্ৰাকখনৰ মালিক আৰু চালকৰ সন্ধান অব্যাহত আছে। শীঘ্ৰে ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰা হ’ব।”

ইপিনে, বৃহস্পতিবাৰে পুৱা জিলা দণ্ডাধীশ আৰু জিলা আৰক্ষী অধীক্ষকগৰাকী চিকিৎসালয়লৈ যায়। তাতে আহতসকলৰ স্বাস্থ্যৰ বুজ লয় আৰু চিকিৎসা সেৱাসমূহ পৰিদৰ্শন কৰে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাৰ পিছত শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্রীৰ কার্যালয়ৰ পৰা এক্স হেণ্ডেলত এটা পোষ্ট কৰা হয় ৷ তাত লিখা হৈছে, “এই ভয়ংকৰ দুৰ্ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আহতসকলৰ চিকিৎসাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।”

Related News