প্ৰকৃতিৰ সংহাৰ : ধুমুহা আৰু বজ্রপাতৰ ফলত ৫ জন লোকৰ মৃত্যু

lightning

প্ৰতিনিধিত্বমূলক ফটো

ৰঙালী বিহুৰ উলাহৰ মাজতে প্ৰকৃতিৰ ৰৌদ্ৰ ৰূপে সৃষ্টি কৰিছে আতংকৰ। আজি পুৱা অহা এজাক ধুমুহাৰ লগতে বজ্ৰপাতৰ ফলত ৰাজ্যত কমেও পাঁচজন লোক নিহত হোৱাৰ ঘটনা সংঘটিত হৈছে। তদুপৰি, ধুমুহাৰ ফলত ঘৰ-দুৱাৰ, গছ-গছনি ভঙাৰ লগতে আন পাঁচজন লোক আহত হৈছে।

জানিব পৰা মতে, বজ্ৰপাতৰ ফলত কামৰূপৰ শিঙিমাৰীত তিনিজন লোক নিহত হোৱাৰ লগতে শুৱালকুছিত আন এজন লোক নিহত হয়।

বজ্ৰপাতৰ এই ঘটনাত শুৱালকুছিৰ হেমন্ত দাস, শিঙিমাৰীৰ প্ৰসন্ন বৰ্মন, মুকালমুৱাৰ চোমেচ আলী আৰু লোকমান আলী নিহত হয়।

ৰে’ল বিভাগৰ কৰ্মচাৰী হেমন্ত দাস নামৰ লোকজনে ব্ৰহ্মপুত্ৰত গৰু গা ধুৱাবলৈ যোৱাৰ সময়তে সংঘটিত বজ্ৰপাতৰ ফলত মৃত্যুক সাৱটি লয়। সেইদৰে পথাৰত বেঙেনা ছিঙিবলৈ গৈ শিঙিমাৰীৰ প্ৰসন্ন বৰ্মন নামৰ লোকজনৰ বজ্ৰপাতত প্ৰাণ যায়। একেধৰণে পথাৰত কাম কৰি থকা অৱস্থাত চোমেচ আৰু লোকমান আলী নামৰ লোক দুজনৰো মৃত্যু ঘটে।

ইপিনে, বৰপেটা জিলাৰ কলগাছিয়াত জাহিদা খাটুনৰ বজ্ৰপাতৰ ফলত মৃত্যু হয়। নাবালিকা ছোৱালীজনীয়ে ঘৰৰ আগফালে খেলি থকা অৱস্থাতে শোকাবহ ঘটনাটো সংঘটিত হয়।

ৰঙালী বিহুৰ উছাহৰ মাজতে সংঘটিত হোৱা এনে ধাৰাবাহিক শোকাবহ ঘটনাই সংশ্লিষ্ট অঞ্চলসমূহত বিহুৰ আনন্দ ম্লান কৰি তুলিছে।