ৰক্ষকেই ভক্ষক : গুৰুতৰ অপৰাধত জড়িত পাঁচগৰাকী আৰক্ষীক নিলম্বন

tripura police 2

প্ৰতিনিধিত্বমূলক চিত্ৰ

দেশত সংঘটিত গুৰুতৰ অপৰাধ সমূহত জড়িত থাকে একাংশ আৰক্ষী? এই বৃহৎ প্ৰশ্নৰ অৱতাৰণা হৈছে শেহতীয়াকৈ ত্ৰিপুৰাত সংঘটিত কেইবাটাও ঘটনাৰ পিছৰ পৰা।

মঙলবাৰে পুনৰ ৰাজ্যখনৰ দুজন আৰক্ষী কৰ্মীক নিলম্বন কৰা হয়। এই দুগৰাকীৰ নিলম্বনৰ সৈতে যোৱা কিছুদিনত ৰাজ্যখনৰ ৫গৰাকী আৰক্ষী কৰ্মীক নিলম্বন কৰা হৈছে।

মঙলবাৰে ধৰ্ষণৰ অভিযোগত অভিযুক্ত থকা প্ৰীতম ভৌমিক নামৰ এজন কনিষ্টবলক চাকৰিৰ পৰা নিলম্বন কৰি আগৰতলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়।

উল্লেখণীয় যে ত্ৰিপুৰাৰ এগৰাকী ভি আই পিৰ দেহৰক্ষী হিচাপে কৰ্মৰত আছিল প্ৰীতম ভৌমিক।

এই ঘটনা সংক্ৰান্ত বিদুৎ সূত্ৰধৰে জানিবলৈ দি কয়, ‘আগৰতলাৰ সমীপৱৰ্তী অঞ্চলত যোৱা ১২ আগষ্টৰ দিনা এগৰাকী ৩১ বছৰীয়া মহিলাক দুৰ্বৃত্তৰ এটা দলে দলবদ্ধ ধৰ্ষণ কৰিছিল। ধৰ্ষণৰ পাছত মহিলা গৰাকীক দুৰ্বৃত্ত কেইজনে হত্যাৰো চেষ্টা চলাইছিল। আৰু পাছত শ্ৰীনগৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছিল’।

তেওঁ লগতে জানিবলৈ দি কয় যে ধৰ্ষণৰ গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে প্ৰীতম ভৌমিক আৰু নিৰ্মল ভট্টাচাৰ্য নামৰ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকক আগৰতলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে যোৱা দেওবাৰে নিশা আমতলি আৰক্ষী থানাৰ অন্তৰ্গত নবিন পাৰাত কোনো দুৰ্বেত্তই এগৰাকী চি পি আই এমৰ কৰ্মীক হত্যা কৰিছিল। আৰু সেই হত্যাৰ পাছতে যোৱা নিশা আমতলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক মমন উল্লা কাজিক চাকৰিৰ পৰা নিলম্বন কৰা হয়।

স্থানীয় লোকে অভিযোগ কৰা অনুসৰি এই হত্যাকাণ্ডটোৰ মূল নায়ক হৈছে সঞ্জীৱ দাস। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দাসক সেইদিনা নিশাই আটক কৰে যদিও পাছলৈ তেওঁক এৰি দিয়ে।

এই হত্যাকাণ্ডটোৰ মুখ্য তদন্তকাৰী বিষয়া মমন উল্লা কাজিয়ে তদন্তত গাফিলতি কৰাৰ অভিযোগত যোৱা নিশা ৰাজ্যৰ আৰক্ষী বিভাগে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰে।

আনহাতে এগৰাকী বেংক বিষয়াৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত হৈ বৰ্তমান কাৰাবাস খাটি আছে ৰাজ্যখনৰ আন এগৰাকী ট্ৰেফিক পৰিদৰ্শক সুকন্ত বিশ্বাসে।

ইয়াৰ উপৰি কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত দীপাঞ্জনা সাহা আৰু মিখা দাৰলোং নামৰ দুগৰাকী উপ পৰিদৰ্শককো যোৱা সপ্তাহত নিলম্বন কৰিছিল।