দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ অসম ভ্ৰমণৰ সময়ত আৰু ভ্ৰমণৰ পাছত হিমন্ত বিশ্ব শৰ্মাই কৰা বিভিন্ন বক্তব্যৰ প্ৰত্যুত্বৰ আগবঢ়ালে আম আদমী পাৰ্টিৰ উঃপূঃ ভাৰতৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই। লগতে হিমন্ত বিশ্ব শৰ্মাৰ বাবে আগবঢ়ালে পাঁচটা প্ৰশ্ন।
দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা আম আদমি পাৰ্টীৰ সমাৱেশত সমবেত হোৱা সকলোলৈকে আপৰ ৰাজ্যিক সমিতিৰ হৈ ৰাজেশ শৰ্মাই ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে।
সোমবাৰে গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত উঃপূঃ ভাৰতৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক যুটীয়া সমন্বয়দ্বয় কমল কুমাৰ মেধি আৰু ৰাজীৱ শইকীয়াই এক সংবাদমেলযোগে কয়, “দেওবাৰে আপ অসমৰ সংকল্প সভাত সৰ্বমুঠ ১৫ হেজাৰ লোক সমৱেত হৈছিল ৷ তাৰে প্ৰায় ৯ হেজাৰ দলীয় কৰ্মকৰ্তা আৰু বাকীসকল স্বতঃস্ফূৰ্তভাবে সমৱেত হোৱা জনতা ৷ জনতাৰ এই সমৰ্থন দেখি এতিয়া ড° হিমন্ত বিশ্ব শৰ্মাই থৰকাচুটি হেৰুৱাইছে৷ তেওঁ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই উত্থাপন কৰা মৌলিক প্ৰশ্নসমূহৰ উত্তৰ দিব নোৱাৰি এতিয়া লাগবান্ধ নোহোৱা কথা কিছুমান ক’বলৈ আৰম্ভ কৰিছে ৷ আমি মূল বিষয়ৰ পৰা আঁতৰি যোৱা কথাবোৰৰ কোনো উত্তৰ দিব নিবিচাৰোঁ ৷ কাৰণ তেওঁ সেইটোকে বিচাৰি থাকে ৷ মূল সমস্যাৰ পৰা জনতাৰ দৃষ্টি আনফালে ঢাল খুৱাবলৈ মুখ্যমন্ত্ৰীয়ে বিভিন্ন কথাৰ অৱতাৰণা কৰিছে।”
সংবাদমেল যোগে এই বক্তব্য প্ৰকাশ কৰি আম আদমি পাৰ্টীয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ ৫ টা প্ৰশ্ন উত্থাপন কৰিছে ৷
মুখ্যমন্ত্ৰীলৈ ‘আপ’ৰ ৫ টা প্ৰশ্নঃ
২. অসমত বিজুলীৰ মাচুল কিয় বাৰে বাৰে বাঢ়ি গৈ আছে? দিল্লীত যদি বিজুলী ইমান সস্তা হ’ব পাৰে, তেন্তে অসমত ইমান বেছি দাম কিয়?
৩. অসমত প্ৰশ্নকাকত কিয় ফাদিল হৈ আছে? প্ৰশ্নকাকত ফাদিলৰ বিষয়টোত ছেবাৰ অধ্যক্ষ আৰু শিক্ষামন্ত্ৰীৰ ওপৰত কি ব্যৱস্থা লোৱা হ’ল?
৪. অসমত আপোনাৰ চৰকাৰৰ দিনত কয়লা, চুপাৰি, শিল আদিৰ যি ছিণ্ডিকেট চলি থকাৰ অভিযোগ উত্থাপিত হৈ আছে, তাৰ ধনৰ ভাগ কোন কোন বিজেপিৰ নেতা বা নেতাৰ আত্মীয় বা বন্ধুৰ হাতলৈ যায়?
৫. বিদ্যালয় সংলগ্নীকৰণৰ নামত আপুনি যে বিদ্যালয়বোৰ বন্ধ কৰি আছে, দৰিদ্ৰ ঘৰৰ সন্তানে ক’ত পঢ়িব? এইদৰে পাঁচটা প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়াইছে আপৰ নেতৃত্বই। এতিয়া এই সমূহ প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিয়ে নে নিদিয়ে সেয়া হ’ব লক্ষ্যনীয়।





