• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মালিয়ানা সাম্প্ৰদায়িক সংঘৰ্ষ : প্ৰমাণৰ অভাৱ! ৩৬ বছৰীয়া বিচাৰৰ অন্তত ৪০ অভিযুক্তক দোষমুক্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2023 9:33 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ মীৰাটৰ এখন আদালতে প্ৰমাণৰ অভাৱত ৩৬ বছৰ পুৰণি মালিয়ানা সাম্প্ৰদায়িক সংঘৰ্ষৰ গোচৰত অগ্নিসংযোগ, হত্যা আৰু দাঙ্গাৰ অভিযোগত অভিযুক্ত ৪০ জন লোকক দোষমুক্ত কৰিছে। নিম্ন আদালতৰ এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিব বুলি ভুক্তভোগী পৰিয়ালৰ সদস্যসকলে প্ৰকাশ কৰিছে।

উল্লেখ্য যে ১৯৮৭ চনৰ ১৪ এপ্ৰিলত শ্বাব–ই–বাৰাত সাম্প্ৰদায়িক হিংসা সংঘটিত হৈছিল। সেই সাম্প্ৰদায়িক সংঘৰ্ষত ১২ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পাছতে ১৯৮৭ চনৰ ২২ মে’ত হাছিমপুৰাত আৰু ১৯৮৭ চনৰ ২৩ মে’ত মালিয়ানাতো দাঙ্গাৰ সূত্ৰপাত হৈছিল।

Apply Now

মালিয়ানাৰ এই হিংসাত্মক ঘটনাত ৬৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে হাছিমপুৰাত ৪২ জন লোকে প্ৰাণ হেৰুৱাইছিল।
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে, মালিয়ানা গোচৰৰ দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰাৰ পাছত শনিবাৰে অতিৰিক্ত জিলা আৰু সত্ৰ আদালতৰ ন্যায়াধীশ লখৱিন্দৰ ছুদে ৪০ জন অভিযুক্তক দোষমুক্ত কৰে।

অভিযুক্তসকলৰ অধিবক্তা চি এল বংছালে কয় যে প্ৰমাণৰ অভাৱত আদালতে তেওঁলোকক দোষমুক্ত কৰিলে।

স্মৰ্তব্য যে মালিয়ানা গোচৰৰ শুনানিৰ বাবে ৮০০ ৰো অধিক তাৰিখ লোৱা হৈছিল। বিচাৰত ৭৪ জন সাক্ষী আছিল, ইয়াৰে মাত্ৰ ২৫ জনহে সাক্ষীহে সাক্ষ্য প্ৰদান কৰে।

অতিৰিক্ত জিলা চৰকাৰী অধিবক্তা শচীন মোহনে সাংবাদিকৰ আগত কয় যে, “১৯৮৭ চনৰ ২৪ মে’ত ৯৩ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। নাম প্ৰকাশ কৰা আৰু নাম প্ৰকাশ নকৰা ইয়াৰে ৪০ জন অভিুক্তৰ মৃত্যু হৈছিল আৰু আন অভিযুক্তৰ সন্ধান উলিয়াব পৰা হোৱা নাছিল।” ১৯৮৭ চনৰ ২৩ মে’ত মীৰাটৰ মালিয়ানা হোলী চ’কত সংঘটিত এই ঘটনাৰ বিৰুদ্ধে সেই বছৰৰ ২৪ মে’ত স্থানীয় লোক ইয়াকুব আলী নামৰ লোকজনে ৯৩ গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

অধিবক্তা মোহনৰ মতে, এই ঘটনাত প্ৰায় ৬৩ জন লোক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হৈছিল।

প্ৰকাশ পোৱা মতে, আলীয়ে অভিযুক্তই অগ্নিসংযোগত লিপ্ত হোৱাৰ লগতে মানুহৰ ওপৰত গুলীচালনা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। মোহনে কয় যে মালিয়ানা গোচৰত বাদীকে ধৰি ১০ জন সাক্ষীয়ে আদালতত সাক্ষ্য প্ৰদান কৰিছিল যদিও বিচাৰ বিভাগে পৰ্যাপ্ত প্ৰমাণৰ ভিত্তিত অভিযুক্তক দোষী সাব্যস্ত কৰিব পৰাকৈ প্ৰমাণ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাছিল।

ৰায়দানৰ পিছত মালিয়ানা হিংসাৰ বলি হোৱা এজনৰ পৰিয়ালৰ সদস্য মেহতাবে (৪০) সাংবাদিকৰ আগত কয় যে দাঙ্গাৰ সময়ত তেওঁৰ পিতৃ আশ্ৰফক গুলীয়াই হত্যা কৰা হৈছিল।

মেহতাবে কয়, “সেই সময়ত মই বহুত সৰু আছিলোঁ। কোনো কাৰণ নোহোৱাকৈয়ে তেওঁক হত্যা কৰা হৈছিল। আদালতৰ এই সিদ্ধান্ত ন্যায়সংগত নহয় আৰু তেওঁ আন পৰিয়ালৰ (ভুক্তভোগীৰ) সৈতে কথা পতাৰ পিছত অতি সোনকালে উচ্চ ন্যায়ালয়ত আবেদন কৰিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

October 30, 2026 1:43 pm
পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

October 30, 2026 12:56 pm
চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

October 30, 2026 12:02 pm
ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

October 30, 2026 10:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

October 30, 2026 1:43 pm
পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

October 30, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd