• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

অসম-উত্তৰ বংগৰ প্ৰশাসনিক বিষয়াসকলে বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা ভূটানৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। শ্বিনটাফু হ্ৰদৰ পৰা ওলাই অহা পানীয়ে মো চু নদীৰ জলস্তৰ বৃদ্ধি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2026 10:52 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূটানৰ এটা হিমবাহৰ হ্ৰদ ভাঙি তীব্ৰগতিৰে পানী নামি আহিল। বৃহস্পতিবাৰে সন্ধিয়া উত্তৰ-পশ্চিম ভূটানৰ গাছা জিলাৰ শ্বিনটাফু হ্ৰদৰ পৰা পানী ওলাই আহি বান পৰিস্থিতিৰ সৃষ্টি হয়। কেইবাটাও আন্তঃগাঁথনিৰ ক্ষতিসাধন হয়।

এই ঘটনাৰ বাবেই ভূটানৰ পৰা অহা সোণকোষ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত অসম আৰু উত্তৰ বংগৰ কিছু অঞ্চলত বানপানীৰ আশংকা বৃদ্ধি পায়। প্ৰশাসনেও সতৰ্কবাণী জাৰি কৰে।

অসম-উত্তৰ বংগৰ প্ৰশাসনিক বিষয়াসকলে বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা ভূটানৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। শ্বিনটাফু হ্ৰদৰ পৰা ওলাই অহা পানীয়ে মো চু নদীৰ জলস্তৰ বৃদ্ধি কৰিছে। ইয়াৰ বাবেই গাছা জিলাৰ জনপ্ৰিয় উষ্ণ প্ৰস্বৱন গাছা ছাচুৰ কাষৰ আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে। কেইবাখনো অস্থায়ী দলংও উটুৱাই নিয়াৰ আশংকা কৰা হৈছে। জানিব পৰা মতে, পুনাখা-গাছা পথৰ এটা অংশও বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

Apply Now

ভূটানৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, হিমস্খলনৰ পূৰ্বে বিপদজনক অঞ্চলটোৰ পৰা মানুহক উলিয়াই অনা হৈছিল। ফলত এই পৰ্যন্ত কোনো লোক হতাহতৰ খবৰ পোৱা হোৱা নাই। কিন্তু ৰাতিৰ আন্ধাৰ আৰু প্ৰচণ্ড পানীৰ সোঁতৰ বাবে ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ মূল্যায়ন লাভ কৰিব পৰা হোৱা নাই। ভূটানৰ ১৭টা সম্ভাৱ্য বিপজ্জনক হিমবাহৰ হ্ৰদৰ ভিতৰত অন্যতম হিচাপে চিনাক্ত কৰা হৈছে শ্বিনটাফু হ্ৰদ।

এই হ্ৰদৰ পৰা পানী ওলাই অহাৰ ঘটনা নতুন নহয়। ২০২১ চনৰ ২৬ আগষ্টত শ্বিনটাফু হ্ৰদৰ পানী উফন্দি উঠাৰ পিছত মো চু নদীৰ মাজেৰে ভয়ংকৰ প্লাৱন নামে। সেই সময়ত নদীখনৰ গতিপথ সলনি হৈ গাছা ছাচুৰ উষ্ণ প্ৰস্বৱনৰ ক্ষতিসাধন হয়। এইবাৰৰ ঘটনাত পুনৰ অঞ্চলটোৰ আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে।

ভূটানৰ পৰিস্থিতিৰ খবৰ পোহৰলৈ অহাৰ লগে লগে উত্তৰ বংগৰ সোণকোষ নদীৰ পাৰৰ অঞ্চলসমূহত সতৰ্কবাণী জাৰি কৰা হয়। বিশেষকৈ আলিপুৰদুৱাৰৰ কুমাৰগ্ৰাম ব্লকৰ নদীৰ গাতে লাগি থকা গাঁওসমূহত বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছিল। মাইকৰ জৰিয়তে প্ৰশাসনে এই সতৰ্কবাণী প্ৰদান কৰে। কিছুমানে সাহায্য শিবিৰত আশ্ৰয় লৈছে, আনহাতে বহুতে নিৰাপদ স্থানৰ সন্ধানত ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত ৰাতিটো কটায়।

অৱশ্যে শুকুৰবাৰে পুৱা পৰিস্থিতি কিছু উন্নত হোৱাৰ খবৰ পোৱা গৈছে। কুমাৰগ্ৰামৰ সোণকোষ নদীৰ জলপৃষ্ঠ বিশেষভাৱে বৃদ্ধি নোহোৱাত স্থানীয় বাসিন্দাসকলে সকাহ পাইছে। কিছু অঞ্চলৰ সাহায্য শিবিৰত আশ্ৰয় লৈ থকা লোকসকলে ঘৰলৈ উভতি যাবলৈ সাজু হৈছে। অৱশ্যে প্ৰশাসনে নিৰীক্ষণ সম্পূৰ্ণৰূপে উঠাই লোৱা নাই।

প্ৰশাসনিক সূত্ৰ অনুসৰি দুৰ্যোগৰ আশংকাত হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। বিদ্যালয়, কমিউনিটি হল আৰু অন্যান্য নিৰাপদ অট্টালিকাক অস্থায়ী আশ্ৰয় হিচাপে ব্যৱহাৰ কৰা হৈছে। দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ লগতে আৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা কৰ্মীও সাজু আছে।

কেৱল আলিপুৰদুৱাৰেই নহয়, জলপাইগুৰি, কোচবিহাৰ আৰু অসমৰ ধুবুৰী জিলাত ভূটানৰ পৰা নামি অহা নদীৰ জলপৃষ্ঠৰ ওপৰত নজৰ ৰখা হৈছে। তদুপৰি, অসমৰ কোকৰাঝাৰ, বাক্সা আৰু চিৰাং জিলাতো সতৰ্কতা জাৰি কৰা হৈছে। সোণকোষ নদীৰ জলপৃষ্ঠ হঠাতে বাঢ়িলে নদীৰ পাৰৰ বসতি, কৃষিভূমি আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষতি হোৱাৰ আশংকা আছে। সেইবাবেই আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

কেন্দ্ৰীয় জলসম্পদ বিভাগ আৰু ৰাজ্য প্ৰশাসনে ভূটানৰ আকস্মিক বানৰ ওপৰত নজৰ ৰাখিছে। নিয়মীয়াকৈ নদীখনৰ গতিবিধি আৰু জলপৃষ্ঠৰ পৰিৱৰ্তনৰ ওপৰত নিৰীক্ষণ ৰখা হৈছে। প্ৰশাসনে ৰাইজক নদীৰ কাষলৈ নাযাবলৈ আৰু কোনো ধৰণৰ উৰাবাতৰিত কাণ নিদিবলৈ পৰামৰ্শ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

October 30, 2026 10:52 am
কেৰালাত PWD-ৰ সচিব হৈ থকাৰ সময়ত ৭০০ কোটি টকাৰ লোকচান! জ্ঞানেশৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

কেৰালাত PWD-ৰ সচিব হৈ থকাৰ সময়ত ৭০০ কোটি টকাৰ লোকচান! জ্ঞানেশৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

October 30, 2026 9:50 am
‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

October 30, 2026 8:54 am
আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

October 30, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

October 30, 2026 10:52 am
কেৰালাত PWD-ৰ সচিব হৈ থকাৰ সময়ত ৭০০ কোটি টকাৰ লোকচান! জ্ঞানেশৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

কেৰালাত PWD-ৰ সচিব হৈ থকাৰ সময়ত ৭০০ কোটি টকাৰ লোকচান! জ্ঞানেশৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

October 30, 2026 9:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd