NORTHEAST NOW (Assamese)

ডকাইটি কৰিবলৈ আহি অকলশৰীয়া মহিলাক দলবদ্ধ ধৰ্ষণ ৫ ডকাইতৰ

November 17, 2023 1:30 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হৈছে বীভৎস ধৰ্ষণৰ ঘটনা। এইবাৰ এজন ব্যৱসায়ীৰ পত্নীক পাঁচজন ডকাইতে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনাৰ বিৱৰণ অনুসৰি, মঙলবাৰে উত্তৰ প্ৰদেশৰ নগিনা গাঁৱত সংঘটিত হৈছে এই ঘটনা। নগিনা গাঁৱৰ এগৰাকী ব্যৱসায়ীৰ পত্নী ঘৰত অকলে আছিল। গধূলি প্ৰায় ৭.৩০ বজাত মহিলাগৰাকী ঘৰত অকলে থকা সুযোগত তেওঁলোকৰ ঘৰলৈ লুট-পাত কৰিবলৈ সোমাইছিল ৫ টা ডকাইত। 

ডকাইত কেইটাই ধন আৰু গহণা লুট পাত কৰাৰ লগতে মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। অভিযোগ অনুসৰি ধৰ্ষণৰ লগতে মহিলা গৰাকীৰ শৰীৰত জলন্ত চিগাৰেট লগাই দিয়ে ধৃত ডকাইত কেইটাই।

এই ঘৃণণীয় কাণ্ড সংঘটিত কৰি মহিলাগৰাকীৰ হাত-ভৰি বান্ধি ডকাইত কেইটাই পলায়ন কৰে।

অভিযোগ অনুসৰি ডকাইতৰ দলটোৱে ২ কেজি ৰূপ, কেইবাটাও সোণৰ অলংকাৰ আৰু প্ৰায় ডেৰ লাখ নগদ ধন লৈ ঘৰৰ পৰা পলায়ন কৰে। লগতে পলায়ন কৰাৰ সময়ত ব্যৱসায়ীজনৰ স্কুটীখন লৈ যায় দুষ্কৃতিকাৰীয়ে। 

ইয়াৰ পিছতে ব্যৱসায়ীজনে ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰে। পত্নীৰ বক্তব্যৰ ভিত্তিত এজাহাৰ দাখিল কৰা হয়। 

এই ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক অৰুণ ৰাজে কয়, ‘এজাহাৰ দাখিল কৰা হৈছে। মহিলাগৰাকীৰ শাৰীৰিক পৰীক্ষাও কৰা হৈছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ তিনিটা দল গঠন কৰা হৈছে। ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে।”

Related News