জম্মু-কাশ্মীৰত ২৪ ঘণ্টাত পাঁচজন সন্ত্ৰাসবাদী নিহত

জম্মু-কাশ্মীৰত ভাৰতীয় সেনা বাহিনী আৰু আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত আছে।

বিগত ২৪ ঘণ্টাত জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীয়ে পাঁচজন সন্ত্ৰাসবাদীক নিহত কৰিবলৈ সক্ষম হৈছে বুলি কাশ্মীৰৰ আই জি পি বিজয় কুমাৰে উল্লেখ কৰে।

আজি ভাৰতীয় সেনা বাহিনী, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্মিলিতভাৱে অভিযান চলায় অনন্তনাগ জিলাৰ ৱাগহামাত দুগৰাকী সন্ত্ৰাসবাদীক নিহত কৰে।

উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰত ২৫ জুন পৰ্যন্ত মুঠ ১১৯ গৰাকী সন্ত্ৰাসবাদী নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে।

নিহত হোৱা সন্ত্ৰাসবাদী সকলৰ ভিতৰত অধিকাংশ সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবা, হিজবুল মুজাহিদিনৰ সদস্য।

আনহাতে, ভাৰতীয় চোৰাংচোৱা বাহিনীয়ে লাডাখত ভাৰত আৰু চীনৰ মাজত চলি থকা শেহতীয়া উত্তেজনাৰ সময়ত পাকিস্তানৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে চেষ্টা চলায় আছে বুলি সদৰি কৰিছিল।

ভাৰতীয় নিৰাপত্তাৰক্ষী বাহিনীয়ে যিকোনো সময়ত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত ৰখাৰ বাবে সম্পুৰ্ণৰূপে সষ্টম হৈ আছে বুলি জানিবলৈ দিয়ে।