“ত্ৰিপুৰাত ৫জন বিজেপি বিধায়কৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ ভুৱা”

BJP declares 2nd list of candidates for BTC elections

প্ৰতিনিধিত্বমূলক ছবি।

ত্ৰিপুৰাত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰা বিজেপিত ৫জনকৈ বিধায়কে অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিছে বুলি এটা গুৰুতৰ অভিযোগ আনিছে কংগ্ৰেছ নেতা সুবাল ভৌমিকে।

ভৌমিকে নিজৰ দাবীৰ সপক্ষে হাতত বৈধ নথি থকা বুলি দাবী কৰে।

“মোৰ হাতত বৈধ নথি আছে, যিবোৰে পাঁচজনকৈ বিধায়কে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰিছে আৰু মই সোনকালেই তেওঁলোকৰ নাম ফাদিল কৰিম”, ভৌমিকে কয়।

৭টা দাবীত আজি ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ অনুসূচিত জাতি কোষে এটা প্ৰতিবাদী সমদল উলিয়াইছিল আৰু তাৰ মাজতে নেতাজনে কয়।

৬০খন বিধানসভা আসনযুক্ত ত্ৰিপুৰাত ১০খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। যোৱা নিৰ্বাচনত ইয়াৰ ৮খন আসন বিজেপিয়ে আৰু ২খন চি পি আই (এম)-এ দখল কৰিছিল।

কংগ্ৰেছৰ নেতাজনে লগতে অভিযোগ কৰে যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ বিভিন্ন হ্ৰদ আৰু জলাশয়বোৰ কোনো নিবিদা প্ৰক্ৰিয়া অবিহনেই দলৰ সৈতে মিতিৰালি থকা লোকৰ হাতত অৰ্পণ কৰিছে।