২১২ জন ভাৰতীয়ক লৈ নতুন দিল্লীত অৱতৰণ কৰিলে ‘অপাৰেচন অজয়’ৰ প্ৰথমখন বিমান

শুকুৰবাৰে পুৱাই ‘অপাৰেচন অজয়’ৰ প্ৰথমখন চাৰ্টাৰ্ড বিমান দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। প্ৰথম পৰ্যায়ত যুদ্ধবিধ্বস্ত ইজৰাইলৰ পৰা ২১২ জন ভাৰতীয় নাগৰিক দেশলৈ উভতি আহিছে। ইয়াৰ ভিতৰত এটা শিশু আৰু ২১১ জন প্ৰাপ্তবয়স্ক নাগৰিক আছে।

কেন্দ্ৰীয় তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে বিমানবন্দৰত উপস্থিত হৈ তেওঁলোকক আদৰণি জনায়। বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি নিশা ১০:১৪ বজাত টেল আভিভৰ বেন গুৰিয়ান বিমানবন্দৰৰ পৰা নতুন দিল্লীলৈ ৰাওনা হয় বিমানখন।

লগতে পঢ়কঃ বিশ্বকাপত নেজ পেলালে কেংগেৰুৱে! নিৰ্মম দক্ষিণ আফ্ৰিকা; আত্মসমৰ্পণ অষ্ট্ৰেলিয়াৰ

ইয়াৰ পূৰ্বে ইজৰাইলত থকা ভাৰতীয় দূতাবাসে ঘৰলৈ উভতি যাব বিচৰা ভাৰতীয় নাগৰিকৰ নাম পঞ্জীয়ন কৰিছিল। পূৰ্বে পঞ্জীয়ন কৰা সকলক প্ৰথমে ঘূৰি অহাৰ সুযোগ দিয়া হৈছে। কিন্তু প্ৰথমখন বিমানে সেই দেশত আবদ্ধ হৈ থকা ৭ অক্টোবৰৰ এয়াৰ ইণ্ডিয়া বিমানখনৰ যাত্ৰীসকলক ঘূৰাই আনিছে।

উল্লেখ্য যে সেইদিনা পুৱাই হামাছে ইজৰাইলক আক্ৰমণ কৰিছিল। যুদ্ধ আৰম্ভ হোৱাৰ পিছতে এয়াৰ ইণ্ডিয়াই ততাতৈয়াকৈ এই বিমান বাতিল কৰে। ইয়াৰ পিছতে এয়াৰ ইণ্ডিয়াই ইজৰাইললৈ বাণিজ্যিক বিমান সেৱা বন্ধ কৰি দিছে।

লগতে পঢ়কঃদিল্লীত ৰহস্যজনক মৃত্যু অসমীয়া যুৱকৰ

বৃহস্পতিবাৰে নিশা ভাৰতীয় নাগৰিকক লৈ অহা চাৰ্টাৰ্ড বিমানখনে টেল আভিভৰ পৰা নতুন দিল্লীলৈ যোৱাৰ কিছু সময়ৰ পাছতে বিদেশ মন্ত্ৰী এছ জয়শংকৰে বিমানখনৰ ভিতৰত থকা যাত্ৰীসকলৰ এখন ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰে।

তেওঁ লগতে কেপচনত লিখিছে, ‘অপাৰেচন অজয় ​​চলি আছে। বিমানখনত ২১২ জন নাগৰিক নতুন দিল্লীলৈ ৰাওনা হৈছে।”

ইজৰাইলত থকা ভাৰতীয় দূতাবাসেও ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰিছিল, “২১২ জন ভাৰতীয় নাগৰিকক লৈ অপাৰেচন অজয়ৰ প্ৰথমখন বিমানে টেল আভিভৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰিছে। ইজৰাইলত থকা ভাৰতীয় দূতাবাসে যাত্ৰীসকলৰ নিৰাপদ যাত্ৰাৰ কামনা কৰিছে।”

যোৱা বুধবাৰে বৈদেশিক মন্ত্ৰীয়ে ‘অপাৰেচন অজয়’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। ইজৰাইলত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক বিশেষ চাৰ্টাৰ্ড বিমানেৰে ঘৰলৈ অনা হ’ব বুলিও তেওঁ কৈছিল। তাৰ পিছৰে পৰা বহু লোকে ঘৰলৈ উভতি যাব বিচাৰি ইজৰাইলত থকা ভাৰতীয় দূতাবাসত পঞ্জীয়ন কৰি আহিছে।

বৃহস্পতিবাৰে প্ৰথমখন বিমান ধৰিবলৈ বিমানবন্দৰত ছাত্ৰ-ছাত্ৰীকে ধৰি ভাৰতীয় নাগৰিকৰ দীঘলীয়া শাৰী দেখা যায়। বিমানবন্দৰসমূহ ৰকেট আক্ৰমণৰ সম্ভাৱনা বেছি। অৱশ্যে শেষত নিৰাপদে দেশত উপস্থিত হ’ল ভাৰতীয় নাগৰিকসকল৷