ফ্লিপকাৰ্টত চলিছে Flipstart Days – ৮০% ৰেহাই মূল্যত লৈ যাওক আপোনাৰ পচন্দৰ বহুতো সামগ্ৰী

lipkart-flipstart-days_19360394

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

ই-কমার্চ বেব চাইট ফ্লিপকার্ট(Flipkart) ত আৰম্ভ হ’ল ফ্লিপকাৰ্ট দেইজ (Flipkart Days) বিক্ৰী। গ্ৰাহকে অতি বেছি ডিচকাউণ্ট লাভ কৰিবলগীয়া এই ফ্লিপকাৰ্ট দেইজ চেল ১ জুলাইৰ পৰা আৰম্ভ হৈ ৩ জুলাইলৈ চলিব। অনলাইন গ্ৰাহকসকলে এই কেইটা দিনত ফ্লিপকাৰ্টত ইলেক্ট্ৰ’নিক, ফেশ্বন, ঘৰুৱা ব্যৱহাৰ্য্য সামগ্ৰীসমূহ ক্ৰয় কৰাৰ সময়ত বিশেষ ৰেহাই লাভ কৰিব।

ইয়াৰ ভিতৰত বহুসংখ্যক সামগ্ৰী মূল দামৰ আধা দামত গ্ৰাহকলৈ আগবঢ়োৱা হৈছে। গ্ৰাহকসকলে ই এম আই আৰু এক্সচেঞ্জ অফাৰো লাভ কৰিব ফ্লিপকাৰ্টৰ বিশেষ ৰেহাইৰ দিন তিনিটাত। মোবা’ইল আদিৰ দৰে সামগ্ৰী ১৯৯ টকাতকৈও কম দামত কিনিব পৰা যাব।

ইলেকট্ৰিক সামগ্ৰীত ৮০ শতাংশ ৰেহাই লাভ কৰিবলগীয়া গ্ৰাহকসকলে চোনি, জে বি এল আদি কোম্পেনিৰ হেডফোন, স্পীকাৰ আদিতো ৭০ শতাংশতকৈ বেছি ৰেহাই লাভ কৰিব।

তদুপৰি, এইচ পি, এচাৰ আদি কোম্পানীৰ লেপটপত বহু পৰিমানে ৰেহাই দিয়া হৈছে। ফেশ্বনৰ ক্ষেত্ৰত ৪০ ৰ পৰা ৮০ শতাংশলৈ বিশেষ ৰেহাইৰ গ্ৰাহকে এইকেইটা দিনত লাভ কৰিব।

বিশেষ ৰেহাই মূল্যত Canon EOS 3000D DSLR কেমেৰা ৩২ শতাংশ ৰেহাইত মাত্ৰ ১৯,৯৯৯ টকাত কিনিব পৰা যাব যাৰ প্ৰকৃত বজাৰ মূল্য ২৯,৪৯৫ টকা। এই কেমেৰাটো ন’ কোষ্ট ই এম আইৰ দ্বাৰাও গ্ৰাহকে ক্ৰয় কৰিব পাৰিব। ক্ৰেডিট কাৰ্ডত ক্ৰয় কৰা সকলে অতিৰিক্ত ১০ শতাংশ ৰেহাই লাভ কৰিব।

Samsung 192 L Direct Cool Single Door ফ্ৰিজ ২০,৪০০ টকাৰ পৰিবৰ্তে ১৬,১৯০ টকাত গ্ৰাহকলৈ আগবঢ়োৱা হৈছে। লগতে ১২,০০০ টকালৈ এক্সচেঞ্জ অফাৰৰো ব্যৱস্থা আছে।

Yu By Micromax HD 81cm HD Ready LED টি ভিৰ মূল্য ১৯,৯৯০ টকাৰ পৰিবৰ্তে ৮,৯৯৯ টকাত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব।ইয়াত ৫৪ শতাংশ ৰেহাই দিয়া হৈছে লগতে ৪,০০০ টকা পৰ্য্যন্ত এক্সচেঞ্জ অফাৰৰো ব্যৱস্থা আছে।

আনহাতে, Alcatel 3T 8 32 GB 8 inch টেবলেট ৩৩ শতাংশ ৰেহাই মূল্যত মাত্ৰ ৭,৯৯৯ টকাত গ্ৰাহকলৈ আগবঢ়াইছে ফ্লিপকাৰ্টে। ইয়াৰ প্ৰকৃত বজাৰ মূল্য হ’ল ১১,৯৯৯ টকা। ন’ কোষ্ট ই এম আইৰ দ্বাৰাও গ্ৰাহকে সামগ্ৰী বিধ ক্ৰয় কৰিব পাৰিব।