আহিনমহীয়া বানত বিধ্বস্ত ৰাজ্যৰ কেইবাখনো জিলা

বানে পুনৰ বিধ্বস্ত কৰিছে অসমক।নদী দ্বীপ মাজুলীকে ধৰি আন বহু ঠাইত এতিয়া বানৰ তাণ্ডৱ চলিছে। বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত আকস্মিক বানৰ সৃষ্টি হৈছে। ফলত পূৱ অসমৰ তিনিখন জিলাৰ আঠখন ৰাজহ চক্ৰৰ ৪৬ খন গাওঁ ক্ষতিগ্ৰস্ত হৈছে৷

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) বিষয়াসকলে জনোৱা মতে ২৪ ঘণ্টাৰ ভিতৰত বানৰ ফলত ৩৩,৮৩৬ জন লোক ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলা ধেমাজিত ছয়টা সাহায্য শিবিৰ স্থাীপন কৰা হৈছে৷এএছডিএমএৰ এজন মুখপাত্ৰই কয় ’’ প্ৰায় ১,৩০০ হেক্টৰত শস্য বানৰ ফলত প্ৰভাৱান্বিত হৈছে আৰু ব্ৰহ্মপুত্ৰ ৰাজ্যখনৰ কেইবা ঠাইতো বিপদসীমাৰ ওপৰেৰে বৈ আছে। আমি নিৰন্তৰ পৰিস্থিতিনিৰীক্ষণ কৰি আছো,” ।

অহা কেইদিনমানৰ ভিতৰত বতৰ বিজ্ঞান বিভাগে অধিক বৰষুণৰ ভৱিষ্যতবাণী কৰাৰ প্ৰতি লক্ষ্য ৰাখি বানপ্ৰৱণ অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে বুলি মুখপাত্ৰগৰাকীয়ে কয়। যোৱা কেইদিনমানৰ পৰা অৰুণাচল প্ৰদেশতো হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্য খনৰ বহু ঠাই বানপানী আৰু খহনীয়াৰ কৱলত পৰিছে। তীব্ৰ বেগত জল প্ৰবাহ পাহাৰৰ তললৈ নামি আহিছে।

ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰ জিলাৰ আঠটা ৰাজহ চক্ৰৰ ৪৬ খন গাওঁ এতিয়া পানীৰ তলতে আছে। ডিব্ৰুগড়ৰ জল সম্পদ বিভাগৰ বিষয়াই জনাইছে যে মঙলবাৰে সন্ধিয়া ৫ বজালৈকে ব্ৰহ্মপুত্ৰ ১০৫.১৭ মিটাৰ ওপৰেৰে বৈ আছিল। ব্ৰহ্মপুত্ৰৰ ঢলে ডিব্ৰুগড়ৰ উপকণ্ঠত থকা মাইজন অঞ্চলৰ এটা অংশ খহাই নিছে আৰু ১৮০ বছৰ পুৰণি ঐতিহাসিক চহৰখনৰ প্ৰতি এক ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিছে। ফলত অঞ্চলটোৰ লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে।