NORTHEAST NOW (Assamese)

বানত বিধ্বস্ত তামুলপুৰ জিলা; বাল্টি নৈৰ বাঢ়নি পানীয়ে ছিঙি পেলালে লাউপাৰা-বাৰিমাখা পথ

May 15, 2022 8:43 pm · দীপক কুমাৰ পাঠক, তামুলপুৰ
ফটো: নৰ্থইষ্ট নাও।

বিগত প্ৰায় তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত প্লাবিত হৈছে তামুলপুৰ জিলাৰ বিভিন্ন অঞ্চল।

বাল্টি নৈৰ বাঢ়নি পানীয়ে ঘিলাঝাৰ, ভালুকমাৰী আদি গাঁও প্লাবিত কৰাৰ ফলত গাঁও দুখন যথেষ্ট ক্ষতিৰ সম্মুখীন হয়।

লগতে পঢ়ক: শিল্প-সংস্কৃতিতো চৰকাৰৰ স্বজন-তোষণ! প্ৰযোজক-পৰিচালকক উৎসাহ যোগোৱাত কৃপণালি কিয়?

বাঢ়নি পানীৰ ফলত কেইবাটাও পৰিয়ালৰ সা-সম্পত্তি পানীত নষ্ট হয়। ইপিনে বাল্টি নদীৰ পানীয়ে লাউপাৰা-বাৰিমখা গাঁও সংযোগী পথচোৱা ছিঙি পেলোৱাত অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে।

ফটো: নৰ্থইষ্ট নাও।

ইপিনে, দৰঙা নৈৰ বাঢ়নি পানীয়ে হাতীডুবা কৃষি বান্ধটো ছিঙি পেলায়।

সেইদৰে, বাল্টি নৈ আৰু মটঙা নৈৰ পানী বৃদ্ধি পোৱাত আৰু নৈৰ ওপৰত দলং নথকাত কাউলি অঞ্চলৰ ৰাইজৰ বাহিৰৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

Related News