NORTHEAST NOW (Assamese)

চূণচালিৰ বন্যাক্ৰান্তৰ খবৰ ল’বলৈ আহৰি নাই দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ

July 16, 2019 6:11 pm · কল্পজ্যোতি শইকীয়া
চূণচালিত বানপানীৰ ফলত জনতাৰ হাৰাশাস্তি

ৰাজ্যৰ চৌদিশে এতিয়া বলিয়া বানৰ তাণ্ডৱ। বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বানৰ কৱলত পৰিছে গুৱাহাটী মহানগৰীৰ চূণচালি অঞ্চল।

চাৰিদিন ধৰি বানৰ কবলত থকা অঞ্চলটোৰ জনসাধাৰণৰ খবৰ ল’বৰ বাবে আজি পৰ্য্যন্ত প্ৰশাসনৰ কোনো লোক উপস্থিত হোৱা নাই। সাহায্যৰ নামত পানীৰ সৰু পেকেটৰ বাদে আন একো সাহায্য অঞ্চলটোৰ ৰাইজে লাভ কৰা নাই বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

বানপানী হোৱাৰ আগতে নুনমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এগৰাকীয়ে সজাগ কৰিবলৈ আহিছিল বুলি স্থানীয় কৃষ্ণকান্ত পাঠক নামৰ এগৰাকী লোকে উল্লেখ কৰে। এই সজাগতা সৃষ্টিৰ বাহিৰে বানত ককবকাই থকা লোকৰ খবৰ লবলৈ প্ৰশাসনৰ কোনো বিষয়া অথবা চৰকাৰী লোক সেই স্থানত উপস্থিত হোৱা নাই বুলিও পাঠকে কয়।

আনহাতে, চৰকাৰী সাহায্য লাভ নকৰাৰ ফলত চূণচালিৰ লোকসকল চিৰা আৰু গুৰ খায়ে থাকিবলগীয়া হৈছে বুলি আমাৰ সাংবাদিকৰ আগত উল্লেখ কৰে।

চূণচালিৰ সৃষ্টিনগৰ নিৰ্মাণৰ বিৰোধিতাৰে উক্ত অঞ্চলৰ জনসাধাৰণক লগত লৈ প্ৰতিবাদ কৰা দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা(জেষ্ঠ)য়ো এবাৰো অঞ্চলটোৰ বান আক্ৰান্ত জনসাধাৰণৰ খবৰ লবলৈ যোৱা নাই বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে।

চূণচালি অঞ্চলত বানপানীৰ ফলত ৫০ ঘৰ মানুহৰ জাৰ্চি গৰুকে ধৰি প্ৰায় ৬০০ গৰু ৰাস্তাতে বান্ধিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘাঁহৰ অভাৱৰ বাবে বহু পশুধনে এতিয়া ভোকট কটাবলগীয়া হৈছে। কিছুসংখ্যক গৰু বৰ্তমান ৰোগত আক্ৰান্ত হৈছে যদিও চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ পশু চিকিৎসক অঞ্চলটোত উপস্থিত হোৱা নাই।

মহানগৰীৰ চূনচালি ফেৰী ঘাট, সুৰুজনগৰকে আদি কৰি অন্য বহুতো অঞ্চল বৰ্তমান বানৰ কৱলত আছে।

Related News