NORTHEAST NOW (Assamese)

টীয়কৰ জাঁজীমুখত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাইছে বিস্তৃত অঞ্চল ,যাতায়ত ব্যৱস্থা ব্যাহত

May 27, 2020 10:54 am · নিৰ্মলেন্দু পাঠক

কেইবাদিনো হোৱা নেৰানেপেৰা বৰষুণৰ ফলত  হোৱা বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁজীমুখ ।

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বাবে বন্ধ কৰি দিয়া হৈছে জাঁজীমুখ পাৰঘাটৰ নাঁওৰ চলাচল। ফলত বহিঃ জগতৰ সৈতে জাঁজীমুখৰ জপং,বৰমথাউৰি,শগুনপৰা,তিনিঘৰীয়াকে ধৰি প্ৰায় ১০-১২ খন গাঁৱৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিছিন্ন হৈ পৰিছে।

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ইতিমধ্যে গাঁও সমূহ বুৰাই পেলাইছে। বৰ্তমানো ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

এইদৰে নদীৰ পানী বাঢ়ি থাকিলে অনাগত দিনত নদীপৰীয়া ৰাইজ গভীৰ সমস্যাৰ সন্মুখীন হোৱাৰ আশংকাই দেখা দিছে ।

সৰ্বত্ৰে কৰ’ণাৰ আতংকৰ সময়ত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে এতিয়া নৈপৰীয়া ৰাইজৰ অৱস্থা যে অধিক কণ্টকময় কৰি তুলিব সেয়া নিশ্চিত হৈ পৰিছে।

ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে খেতি পথাৰ,বাট পথ সকলো বুৰাই পেলাইছে।

Related News