ক’ভিড মহামাৰীৰ আতংকৰ মাজতে ধেমাজিত বান পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে।
ন ন অঞ্চল শুকুৰবাৰে বানত বুৰ গৈছে। জিলাখনত ২১৫খন গাঁৱৰ ৯০ হাজাৰ লোক এইপৰ্য্যন্ত বানত ক্ষতিগ্ৰস্ত হৈছে।
ধেমাজি, গোগামুখ, চিচিবৰগাওঁ আৰু জোনাই ৰাজহ চক্ৰ বানৰ কবলত পৰিছে।
আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে জোনাই। চিয়াং (লালি), জোনাই আৰু চিলি নৈৰ পানীয়ে জোনাই মহকুমাৰ সমগ্ৰ দক্ষিণ অংশ বুৰাই পেলাইছে।
জোনাইৰ চক্ৰ বিষয়া চুমবৰ চুতীয়াই জনোৱা মতে চক্ৰটোৰ ১৩৭খন গাঁৱৰ ৫৭হাজাৰতকৈয়ো অধিক লোক বানৰ কবলত পৰিছে। খেতিপথাৰ পানীত বুৰ গৈছে।
জিলা প্ৰশাসনে তিনিটা আশ্ৰয় শিৱিৰ স্থাপন কৰিছে আৰু বানপীড়িত লোকসকলক সাহায্য বিতৰণ কৰিছে।
ধেমাজি আৰু জোনাই চক্ৰৰ বহু পৰিয়ালে ঘৰচীয়া জীৱ-জন্তু, বয়-বস্তুৰে সৈতে ওখ ঠাইত আশ্ৰয় লৈ থাকিব লগা হৈছে।
বাহিৰ জোনাই অঞ্চলৰ ল’হিজান ঘাটত এচ ডি আৰ এফক উদ্ধাৰ অভিযানত নমোৱা হৈছে।
অৰুণাচল প্ৰদেশৰ চিয়াং অঞ্চলত যোৱা কেইবাদিনো ধৰি প্ৰচণ্ড বৰষুণৰ ফলত নৈসমূহ ফেনে-ফোটোকাৰে বাঢ়ি আহিছে।
জলসম্পদ বিভাগৰ তথ্য মতে, জলস্তৰ বাঢ়িয়ে আছে আৰু জিলাখনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।
ইফালে জোনাইত এগৰাকী ১২ বছৰীয়া ছোৱালী নৈৰ পানীত পৰি বৃ্হস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছে।
এচ ডি আৰ এফে ছোৱালীজনীৰ সন্ধানত অভিযান চলাইছে যদিও এতিয়ালৈকে কোনো সন্ধান পোৱা নাই।
ছোৱালীগৰাকী পৰিয়ালৰ সাতগৰাকী সদস্যৰ সৈতে হাত নাৱত গৈ থকা অৱস্থাত নাও বাগৰি পানীত পৰি গৈছিল।