প্ৰলয়ংকৰী বানপানী আৰু ভূমিস্খলন : মৃতকৰ সংখ্যা ১০১জনলৈ বৃদ্ধি, ক’ত?

ইণ্ডোনেচিয়াৰ পূব প্ৰান্তৰ আৰু ইণ্ডোনেছিয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ ইষ্ট টিম’ৰ প্ৰলয়ংকৰী বানপানীত ডুবিছে।

বানপানীৰ উপৰিও ভূমিস্খলনো সংঘটিত হৈছে।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন আয়োগে কৈছিল দেওবাৰে পুৱালৈকে বানপানী-ভূমিস্খলনৰ ফলত কমেও ৪৪জন লোকে প্ৰাণ হেৰুৱাইছিল।

তাৰপাছত দেওবাৰৰ দিনটোতে দুয়োখন দেশৰ মৃতকৰ সংখ্যা কমেও ১০১ হৈছেগৈ।

মূষলধাৰ বৰষুণৰ ফলত নদীবান্ধসমূহ ডুবি যোৱাৰ বাবে হাজাৰ হাজাৰ লোকৰ ঘৰ পানীয়ে বুৰাই পেলাইছে।

কেৱল ইণ্ডোনেছিয়াতে মৃত্যু হৈছে ৮০জনকৈ লোকৰ।

ইদোনেছিয়াৰ পূব প্ৰান্তৰৰ ফ্লোৰছ দ্বীপত এই বানপানী-ভূমিস্খলন হৈছে।

খ্ৰীষ্টানধৰ্মী লোকেৰে ভৰি থকা দ্বীপটোত ইষ্টাৰ (Easter) উৎসৱৰ প্ৰাকক্ষণত হোৱা মূষলধাৰ বৰষুণৰ ফলতে এই বানপানী হৈছে।

বানপানী-ভূমিস্খলনৰ ফলত দ্বীপটোৰ ৰাস্তা-দলংসমূহ ধ্বংস হৈছে।

তদুপৰি আবাসীসকলৰ বাসগৃহসমূহত বোকা সোমাইছে।

উদ্ধাৰকাৰী বাহিনীয়ে অতি কঠিন পৰিস্থিতিৰ সম্মুখীন হৈও উদ্ধাৰকাৰ্য চলাই থকা বুলি বিভাগীয় কৰ্তৃপক্ষই জনাইছে।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন আয়োগে জনোৱামতে, বানপানীৰ ফলত হোৱা বোকা আৰু দুৰ্যোগপূৰ্ণ বতৰৰ বাবে উদ্ধাৰকাৰ্য কঠিন হৈ পৰিছে।

আয়োগে কোৱামতে, এতিয়াও বহু লোক বোকাৰ মাজত মৃত অৱস্থাত আছে আৰু কিমান সংখ্যক লোক নিৰুদ্দেশ হৈ আছে সেই বিষয়ে আয়োগ অৱগত হোৱা নাই।

আনহাতে, ইষ্ট টিম’ৰত মৃত্যু হৈছে কমেও ২১জনকৈ লোক।

দ্বীপৰাষ্ট্ৰখনৰ ৰাজধানী দিলীত বানপানীয়ে চূড়ান্ত ৰূপ ধাৰণ কৰিছে।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জ’ক’ ৱিড’ড’য়ে মৃতকসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰিছে আৰু জনসাধাৰণক প্ৰশাসনৰ স’তে সহযোগ কৰিবলৈ অনুৰোধ কৰিছে।

উল্লেখযোগ্য যে বিধ্বংসী ভূমিস্খলন আৰু বানপানী ইন্দোনেছিয়াৰ বাবে বৰ্ষাকালীন ঋতুসমূহত নতুন নহয়।

চলিত বৰ্ষৰ জানুৱাৰীত, বানপানীত পতিত হৈ দেশখনৰ পশ্চিম জাভা প্ৰদেশৰ সুমেডাং নামৰ চহৰখনত ৪০জন লোকৰ মৃত্যু হৈছিল।

তদুপৰি, দেশখনৰ বৰ্ণিঅ’ত যোৱা ছেপ্টেম্বৰ মাহত ভূমিস্খলন ঘটি কমেও ১১জন লোকৰ প্ৰাণহানি ঘটিছিল।