পুনৰ বানপানীৰ কবলত বাণিজ্যিক চহৰ মুম্বাই। ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণে স্তব্ধ কৰি তুলিছে জনজীৱন। বহু পথ এতিয়া পানীৰ তলত। বিদ্যালয়-মহাবিদ্যালয়ত বন্ধ ঘোষণা কৰা হৈছে। এই পৰ্যন্ত ১২ জন লোকৰ মৃত্যু হৈছে।
বতৰ বিজ্ঞান বিভাগে কয় যে এতিয়া এতিয়া পৰিস্থিতি শান্ত হোৱাৰ সম্ভাৱনা নাই। আগন্তুক ২৪ ঘণ্টাত প্ৰচণ্ড আৰু অতি প্ৰচণ্ড বৰষুণৰ আগজাননী দিয়া হৈছে।
যোৱা কেইদিনমানৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ নদীসমূহ উফন্দি উঠিছে। কেইবাখনো নদীৰ জলপৃষ্ঠ বিপদৰ চিহ্নৰ ওচৰত। জুহু, ভাৰ্চোভা, আক্সা আৰু গোৰাই বিলত মানুহৰ চলাচল নিষিদ্ধ কৰা হৈছে। বৰষুণৰ বাবে স্থানীয় ৰেল সেৱাও ব্যাহত হৈছে।
আনহাতে, বেয়া বতৰৰ বাবে কমেও ১৪খন বিমান মুম্বাই বিমানবন্দৰত অৱতৰণ কৰিব নোৱাৰিলে। মুঠৰ ওপৰত মুম্বাইকে ধৰি সমগ্ৰ মহাৰাষ্ট্ৰ ৰাজ্যত এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে।
এক বিবৃতিত মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নাবিছে কয়, ‘বিগত ২ দিনত মহাৰাষ্ট্রত প্রবল বৰষুণ হৈছে৷ কেইবাখনো জিলাত ৰঙা আৰু কমলা ৰঙৰ সতর্কতা জাৰি কৰা হৈছে৷ মহাৰাষ্ট্রৰ আধা সংখ্যক জিলা ২১ আগষ্টলৈকে ৰঙা বা কমলা ৰঙৰ সতর্কতাৰ অধীনত থাকিব৷ ফলত আমি আলোচনা কৰিছো যে কি সাৱধানতা অৱলম্বন কৰিব লাগে৷”