NORTHEAST NOW (Assamese)

চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

August 4, 2026 7:13 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 4, 2026 7:18 pm

যোৰহাট জিলাৰ চেলেংহাট লেফেৰা অঞ্চলত টীয়ক নৈৰ বাঢ়নী পানী পুনৰ দ্ৰুতগতিত বৃদ্ধি পোৱাত অঞ্চলজুৰি উদ্বেগৰ সৃষ্টি হৈছে। হঠাৎ পানীৰ স্তৰ বাঢ়ি যোৱাৰ ফলত কোবাল গতিত বানপানী বিভিন্ন অঞ্চললৈ সোমাই অহাৰ খবৰ পোৱা গৈছে।

স্থানীয় লোকসকলে জনোৱা মতে, পানীৰ স্তৰ অব্যাহতভাৱে বৃদ্ধি পাই আছে আৰু পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা দেখা দিছে। এই পৰিপ্ৰেক্ষিতত জৰুৰীকালীন উদ্ধাৰ আৰু সাহায্য ব্যৱস্থা নিশ্চিত কৰিবলৈ প্ৰশাসনক ক্ষীপ্ৰভাৱে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে।

বিশেষকৈ SDRF আৰু NDRF বাহিনীক আগতীয়াকৈ সাজু কৰি ৰাখিবলৈ দাবী উত্থাপন কৰা হৈছে। যদিও প্ৰশাসনে বানপীড়িতসকলৰ বাবে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে, তথাপিও বৰ্তমানৰ পানীৰ গতিবেগ লক্ষ্য কৰি শিবিৰসমূহতো অতি সোনকালে পানী সোমোৱাৰ আশংকা ব্যক্ত কৰা হৈছে।

এনে পৰিস্থিতিত যিকোনো জৰুৰী অৱস্থাৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰশাসনক সম্পূৰ্ণ প্ৰস্তুত হৈ থাকিবলৈ স্থানীয় লোকে আহ্বান জনাইছে।

Related News