টকিঅ’ অলিম্পিকত ক্ষুদ্ৰ দেশ বাৰ্মুদালৈ প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক কঢ়িয়াই আনিলে ফ্ল’ৰা ডাফিয়ে

Flora+Duffy

বিশ্বৰ এটা ক্ষুদ্ৰ অঞ্চল বাৰ্মুদা।

সাগৰত জাহাজ নিৰুদ্দেশ হৈ পৰাৰ ৰহস্যজনক ঘটনাবোৰৰ বাবেই সৰু দেশ হ’লেও বাৰ্মুদাৰ কথা প্ৰায় সকলোৱেই জানে।

আজিলৈকে অলিম্পিকত বাৰ্মুদাই স্বৰ্ণ পদক জয় কৰাৰ কোনো নজিৰ নাছিল যদিও টকিঅ’ অলিম্পিকত ইতিহাস সৃষ্টি কৰি বাৰ্মুদাৰ খেলুৱৈ ফ্ল’ৰা ডাফিয়ে আজুৰি আনিবলৈ সক্ষম হ’ল স্বৰ্ণ পদক।

আজি ডাফিয়ে ট্ৰায়াথলত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয়। ৩৩ বছৰীয়া ডাফিয়ে ৫৬ গৰাকী খেলুৱৈক পিচ পেলাই এই পদক জয় কৰে।

ডাফিয়ে ৫৫ মিনিট ৩৬ ছেকেণ্ডত তেওঁৰ প্ৰতিযোগিতাৰ আটাইকেইটা ৰাউণ্ড সমাপ্ত কৰি স্বৰ্ণ পদকৰ অধিকাৰী হয়।

উল্লেখ্য ইয়াৰ পূৰ্বে প্ৰায় ৬৩ হাজাৰ জনসংখ্যাৰ বাৰ্মুদালৈ ১৯৭৬ চনত বক্সাৰ ক্লাৰেঞ্চ হিলে চামাৰ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

কিন্তু ফ্ল’ৰা ডাফিৰ পূৰ্বে কোনেও ক্ষুদ্ৰ দেশ খনলৈ স্বৰ্ণ পদক কঢ়িয়াই আনিব পৰা নাছিল।

ডাফিৰ এই বিজয়ৰ খবৰ পোৱাৰ পিছতে বাৰ্মুদাবাসীৰ মাজত আনন্দৰ লহৰ উঠিছে।

উল্লেখ্য ইয়াৰ পূৰ্বেও ডাফিয়ে ২০১৮ চনৰ কমনৱেলথ গেমছত পদক জয় কৰিবলৈ সক্ষম হৈছিল।তাৎপৰ্যপূৰ্ণ কথাটো হ’ল নিজৰ দেশ বাৰ্মুদাৰ দৈৰ্ঘ্য(৪০ কিলোমিটাৰ)তকৈয়ো বেছি দূৰ দৌৰিবলগীয়া হৈছিল ফ্ল’ৰাই।

ট্ৰায়াথলত ভাগ লৈ তেওঁ দৌৰিছিল ৫১ কিলোমিটাৰ।

বিশ্বৰ বহু বৃহৎ দেশৰ প্ৰতিযোগিক পিচ পেলাই স্বৰ্ণ পদক জয় কৰি সেয়ে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ফ্ল’ৰা ডাফি।

বজিয়ৰ পিছতেই ডাফিৰ দুগালেৰে বাগৰি আহিছিল আনন্দৰ অশ্ৰুধাৰা।