মানুহজনৰ ওজন ২২৫কেজি; দিনে খোৱাৰ পৰিমান জানিলে চকু কপালত উঠিব আপোনাৰ!

গেইনাৰ বুল ওৰফে ব্ৰায়েন

গেইনাৰ বুল ওৰফে ব্ৰায়েন

সৰুতে বকাসুৰৰ সাধু শুনা সকলে পঢ়িলে হয়তো আমোদ পাব। কিন্তু দৰাচলতে এয়া সাধু নহয়, এয়া বাস্তৱতে দেখা এজন স্থুলকায় লোকৰ কথাহে এয়া।

ফ্ল’ৰিডাৰ গেইনাৰ বুলৰ শৰীৰৰ ওজন হৈছে ২২৫কেজি। তেওঁৰ খোৱালোৱাৰ পৰিমানো সেইধৰণে আচৰিত।

প্ৰতিদিনে ১০হাজাৰ কেল’ৰি খাদ্যবস্তু লাগে তেওঁক। পিচে, তেওঁক এই খোৱাৰ বাবে প্ৰয়োজনীয় খৰচ যোগান ধৰে তেওঁৰেই অনুৰাগীসকলে।

নিজৰ ২০বছৰ বয়সৰ পৰাই শৰীৰৰ ওজন বৃদ্ধিৰ বাবে অহোপুৰুষাৰ্থ কৰিছে ফ্ল’ৰিডাৰ এইগৰাকী গেইনাৰ বুলি ওৰফে ব্ৰায়ানে।

সৰুৰে পৰা এইদৰে ওজন বৃদ্ধি কৰাটো গেইনাৰৰ এটা চখ আৰু সেই কথা তেওঁ নিজমুখে স্বীকাৰ কৰিছে।

বৰ্তমান ৪৪বছৰীয়া গেইনাৰে জানিবলৈ দিয়া মতে সৰুৰে পৰা তেওঁ কাৰ্টুন ছবি চাই ইয়াৰ শকত-আৱত চৰিত্ৰসমূহৰ প্ৰতি আকৃষ্ট হৈ পৰে।

সেইদৰে তেওঁ সেই চৰিত্ৰসমূহৰ দৰে নিজকে গঢ়ি তুলিবলৈ যত্ন কৰে আৰু দহ বছৰ বয়সৰ পৰাই ক্ৰমে ওজন বঢ়াবলৈ আৰম্ভ কৰাৰ লগতে ব্যায়াম আদি কৰিবলৈ লয়।

ব্ৰায়ানে ২০বছৰ বয়সৰ পৰা খোৱাৰ পৰিমান বঢ়াই দিয়ে।

তেওঁৰ যেতিয়া বয়স ২০বছৰ আছিল তেতিয়া শৰীৰৰ ওজন আছিল ৮১কেজি। আনহাতে, এতিয়া ৪৪বছৰ বয়সত ব্ৰায়ানৰ শৰীৰৰ ওজন হৈছে ২২৫কেজি।

ব্ৰায়ানে তেওঁৰ এই পৰিক্ৰমাত প্ৰতিদিনে ১০হাজাৰ কেল’ৰিৰ খাদ্য খায়।

অনলাইনত ব্ৰায়ানৰ খোৱা বোৱাৰ ছবিসমূহে ব্যাপক জনপ্ৰিয়তা লাভ কৰে। ছচিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত তেওঁৰ অনুৰাগীসকলে ব্ৰায়ানৰ ভিডিঅ’সমূহৰ নিজৰ গাঁঠিৰ ধন খৰচ কৰি প’ষ্ট কৰে আৰু সেইবোৰ আন চাই আন বহু অনুৰাগীয়ে সন্তুষ্টি লাভ কৰে।

ইয়াৰ পৰা হোৱা আয়ৰ টকাৰে ব্ৰায়ানৰ খোৱাৰ খৰচ যোগান ধৰা হয়।