চাইবাৰ নিৰাপত্তা ক’ত? ১৭ বছৰীয়া কিশোৰেই হেক কৰিলে অবামা-গেটছৰ টুইটাৰ একাউণ্ট

cyber_crime-2

চাইবাৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি বিশ্বৰ বিভিন্ন প্ৰান্ত হৈ-চৈৰ সৃষ্টি হৈ থকাৰ সময়তে তথ্য-প্ৰযুক্তিৰ দিশত অতিকৈ আগবঢ়া দেশ আমেৰিকাতে বাঘা বাঘা লোকৰ টুইটাৰ একাউণ্ট হেক কৰি দুষ্ট চক্ৰই চলা গৈছে নানান অপকৰ্ম।

শেহতীয়াকৈ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামাৰ লগতে আন ভালে কেইগৰাকী বিখ্যাত লোকৰ টুইটাৰ একাউণ্ট হেক হোৱাৰ ঘটনাই বিশ্ব জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

চাইবাৰ নিৰাপত্তাৰ বিষয়টোক ভেঙুচালি কৰি মাত্ৰ ১৭ বছৰীয়া কিশোৰেই হেক কৰিলে অবামা,বিল গেটছ আদিৰ দৰে ব্যক্তি সকলৰ টুইটাৰ একাউণ্ট।

মাৰ্কিন আৰক্ষীৰ জালত পৰা এই অঘাইতং কিশোৰৰ নাম গ্ৰাহাম ইভান ক্লাৰ্ক।

এইজন কিশোৰে টুইটাৰ পৰিচালনা কৰা ব্যক্তিৰ পৰা কৌশলেৰে অবামা,বিল গেটছ,জেফ বেজছ আদিৰ টুইটাৰৰ পাছৱৰ্ড সৰকাই পাছৱৰ্ড ৰিছেট কৰিছিল আৰু সকলো বিখ্যাত ব্যক্তিৰে টুইটাৰত  এই বুলি বাৰ্তা দিছিল-আধা ঘণ্টাৰ ভিতৰতে যিসকলে ১ হাজাৰ ডলাৰ একাউণ্টত ভৰাই দিব তেওঁ লোকক ২ হাজাৰ ডলাৰকৈ দিয়া হ’ব।

কিশোৰ গ্ৰাহামে এনেদৰে সংগ্ৰহ কৰিছিল প্ৰায় ১ লাখ ৮০ হাজাৰ ক্ৰিপ্টো কাৰেঞ্চি।

১৬ জুলাইত অবামাকে ধৰি বহু কেইগৰাকী লোকৰ টুইটাৰ একাউণ্ট হেক হোৱাৰ পিছতে ফ্ল’ৰিডা আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত।

অৱশেষত আৰক্ষীয়ে তদন্ত চলাই জালত পেলায় ১৭ বছৰীয়া কিশোৰ গ্ৰাহামৰ লগতে তেওঁৰ দুই সহযোগী ১৯ বছৰীয়া মেছন শ্বেপাৰ্ড আৰু ২২ বছৰীয়া নিমা ফাজেলিক।