NORTHEAST NOW (Assamese)

কৰ’না যোদ্ধালৈ অভিবাদন: জিএমচিএইচ, জনতা ভৱনত ভাৰতীয় বায়ুসেনাৰ আকাশী পুষ্পবৰ্ষণ

May 3, 2020 11:36 am · দীপজ্যোতি শৰ্মা
Updated: May 3, 2020 11:42 am

নিজৰ জীৱনক তুচ্চ কৰি মহামাৰী ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া দেশৰ চিকিৎসক-নাৰ্ছ, চিকিৎসাকর্মী সকলক আজি আকাশী পুষ্পবৰ্ষণেৰে অভিবাদন জনায় ভাৰতীয় বায়ু সেনাই।

মানৱ সেৱাত ব্ৰতী হৈ ক’ৰনা সংগ্রামত সন্মুখৰ পৰা যুঁজ দিয়া গুৱাহাটীৰ মেডিকেল কলেজ চিকিৎসালয় আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কৰ্মৰত প্ৰতিজন যোদ্ধাক দেওবাৰে পুৱা ১০ বজাত ভাৰতীয় বায়ুসেনাই অভিবাদন জনায়।

দুয়োখন চিকিৎসালয়ত চিকিৎসক-নাৰ্ছ, চিকিৎসাকর্মী সকলক বায়ুসেনাৰ হেলিকপ্টাৰেৰে আকাশমাৰ্গৰ পৰা পুষ্পবৃষ্টিৰে অভিবাদন জনোৱা হয়।

দুয়োখন চিকিৎসালয়ত নিৰ্দিষ্ট কৰি থোৱা ঠাইত চিকিৎসাকর্মী সকল থিয় হৈ এই অভিবাদন গ্ৰহণ কৰে।

জি এম চি এইচত পুৱা ১০ বজা আৰু এম এম চি এইচত পুৱা ১০.৩০ বজাত হেলিকপ্টাৰৰ পৰা পুষ্পবৰ্ষণেৰে কৰ’না যোদ্ধাসকলক অভিবাদন জনোৱা হয়।

একে সময়তে দুয়োখন চিকিৎসালয়তে কৰ’না যোদ্ধাসকললৈ শ্ৰদ্ধাৰে বেণ্ড প্ৰদৰ্শনো কৰা হয়।

তদুপৰি, কৰ’না যোদ্ধাসকলৰ প্ৰতি সন্মানস্বৰূপে জনতা ভৱনৰ ওপৰতো বায়ুসেনাই বিমানেৰে পুষ্পবৰ্ষণ কৰে।

অকল অসমতে নহয়, সমগ্ৰ দেশজুৰি সেনাবাহিনীয়ে কৰ’না যোদ্ধাসকলৰ প্ৰতি দেওবাৰে এইদৰে সন্মান প্ৰদৰ্শন কৰে।

চীফ অফ ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে শুকুৰবাৰে আটাইকেইটা বাহিনীৰ মুৰব্বীসকলক লৈ এই কথা সদৰী কৰিছিল।

ভাৰতীয় স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাবাহিনীয়ে সহযোগিতাৰে চিকিৎসা কৰ্মীসকললৈ এই সন্মান আগবঢ়াইছে।

Related News