দেশত উৰন্ত বিমানত সংঘটিত নিত্য নতুন ঘটনাই শেহতীয়াকৈ দৈনিক দখল কৰিছে সংবাদ শিৰোনাম। ইটোৰ পিছত সিটোকৈ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতে এইবাৰ পুনৰ পোহৰলৈ আহিছে মাজ আকাশতে বিমানৰ ভিতৰত দুই সুৰাপায়ী যাত্ৰীয়ে তাণ্ডৱ চলোৱাৰ ঘটনা।
আজি পুৱাৰ ভাগত এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰিছে এই ঘটনাৰ সবিশেষ। বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, এইবাৰ এই ঘটনা সংঘটিত হৈছে ডুবাইৰ পৰা মুম্বাই অভিমুখী ইণ্ডিগ’ৰ এখন বিমানত।
বুধবাৰে সংঘটিত এই ঘটনাত দুগৰাকী যাত্ৰীয়ে মধ্য আকাশতে বিমানৰ ভিতৰত সুৰা পান কৰি নিচাযুক্ত অৱস্থাত বিমানখনৰ কৰ্মচাৰী আৰু সহযাত্ৰীসকলক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
এই অভব্য আচৰণৰ অভিযোগত বিমানখন মুম্বাইত অৱতৰণ কৰাৰ পিছতে দুয়োগৰাকীকে যাত্ৰীকে গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে যাত্ৰী দুগৰাকীক আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে জামিন প্ৰদান কৰে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
অভিযুক্ত দুগৰাকী পালঘৰ আৰু কোলহাপুৰৰ নালাচোপাৰা অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। দুয়োগৰাকীয়ে ডুবাইত এবছৰ কাম কৰি স্বগৃহলৈ উভতি আহিছিল আৰু শুল্কমুক্ত দোকানৰ পৰা ক্ৰয় কৰি অনা সুৰা বিমানৰ ভিতৰত সেৱন কৰিছিল বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে।
বিষয়াগৰাকীয়ে লগতে সদৰী কৰা মতে, যাত্ৰী দুগৰাকীৰ এনে কাৰ্যত সহযাত্ৰীসকলে আপত্তি কৰাৰ পাছতে বিমান কৰ্মচাৰীসকলে এনে অবাঞ্ছনীয় পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। কিন্তু নিচাসক্ত দুয়ো যাত্ৰীয়ে ওলোটাই বিমান কৰ্মচাৰী আৰু সহযাত্ৰীসকলক দুৰ্ব্যৱহাৰ কৰিছিল।
পিছত অৱশ্যে বিমান কৰ্মচাৰীসকলে যাত্ৰী দুগৰাকীৰ পৰা সুৰাৰ বটলসমূহ কাঢ়ি নিয়ে বুলি বিষয়াগৰাকীয়ে লগতে কয়। দুয়ো অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৩৬ আৰু বিমান নিয়মৰ ২১,২২ আৰু ২৫ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
উল্লেখ্য যে, বিমানৰ ভিতৰত এইদৰে সুৰা পান কৰি অভব্য আচৰণ কৰাৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে সুৰাপায়ী মাতাল যাত্ৰীয়ে সহযাত্ৰীৰ ওপৰতে প্ৰস্ৰাৱ কৰাৰ দৰে আশ্বৰ্যকৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল।