লোক সংস্কৃতিৰ গৱেষিকা ফুল কুমাৰী কলিতাৰ দেহাৱসান : বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ

index.jpgs

লোক সংস্কৃতিৰ গৱেষিকা তথা বৰপেটা জিলাৰ বি এইচ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ফুল কুমাৰী কলিতা আৰু নাই৷

আজি দুপৰীয়া ১২ মান বজাত ডিগবৈত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৭১ বছৰ৷

ভৱানীপুৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নবীন কলিতাৰ পত্নী বৰপেটাৰোডৰ বাসিন্দা ফুলকুমাৰী কলিতাৰ শাৰীৰিক অসুস্থতাৰ বাবে ডিগবৈস্থিত তেওঁৰ জী-জোঁৱাইৰ ঘৰত চিকিৎসা লৈ আছিল৷

উল্লেখযোগ্য যে, লোক সংস্কৃতিৰ গৱেষিকা কলিতাই কেবাখনো লোক সংস্কৃতিৰ অমূল্য গ্ৰন্থ ৰচনা কৰিছিল৷

তেখেতৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে– সখী ঐ সখী (১৯৯২), আয়তীৰ উৰুলি (১৯৯২), গুৱাগাছা সত্ৰৰ চমু আভাস (১৯৯৯), লােক সংস্কৃতিৰ দাপােণ (২০০০), লােক সংস্কৃতিত গালি শপনি (২০০৯), লােক সংস্কৃতিৰ সুবাস (২০১৩), আমাৰ সত্ৰ আমাৰ ঐতিহ্য (২০১৩) আদি।

ইয়াৰ উপৰি তেওঁ কেইবাখনো গ্ৰন্থ সম্পাদনাও কৰে। কলিতাই বিভিন্ন আলোচনী, বাতৰি কাকত আদিত লোক সংস্কৃতিৰ ওপৰত প্ৰৱন্ধ পাতি লিখি অসমীয়া লোক সংস্কৃতিৰ ভড়াল চহকী কৰি গৈছে।

তেখেতক সদৌ অসম ছাত্ৰ সন্থাই তেখেতক প্ৰতিমা পাণ্ডে বঁটাৰে সন্মানীত কৰিছিল৷ বৰপেটাৰোড সাহিত্য সভা আৰু বৰপেটাৰোড আছু-এ জীৱিত অৱস্থাতে যোৱা বৰ্ষত বৰপেটাৰোডত তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰি সন্মান প্ৰদৰ্শন কৰিছিল৷

এই গৰাকী লোক সংস্কৃতিৰ গৱেষিকাৰ মৃত্যুত বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।