গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ৰ কপিকুল বৰ্তমান তীব্ৰ খাদ্যৰ সংকটত ভূগিছে। ঐতিহ্যমণ্ডিত দেৱালয়খনৰ বান্দৰসমূহে খাদ্যৰ সন্ধানত বজাৰে ঘাটে বিচৰণ কৰিব লগা হৈছে আৰু ইয়াৰ ফলত আন এক শংকাৰ সৃষ্টি হৈছে।
এনেদৰে খাদ্য বিচাৰি ঘাইপথ পাৰ হওঁতে বহু সময়ত চলন্ত গাড়ীৰ খুন্দাত মৃত্যুক সাৱটি ল’বলগীয়া হৈছে আপুৰুগীয়া এই আছামিছ মেকোক প্ৰজাতিৰ বান্দৰে।
উল্লেখযোগ্য যে গোৱালপাৰাৰ কৃষ্ণাইৰ ঐতিহ্যমণ্ডিত এই টুক্ৰেশ্বৰী দেৱালয়খন ১৭০০ শতিকাত বিজনীৰ ৰজা কুমুদ নাৰায়ণৰ দিনত স্থাপিত হৈছিল। এই টুক্ৰেশ্বৰীৰ বিখ্যাত কপিকুলৰ বাবে এটা আচৰিত কথা হ’ল যে দেৱালয়খনৰ কপিকুল কপি ৰাজৰ দ্বাৰা পৰিচালিত হয়। এই দেৱালয়খন বান্দৰ ৰজাৰ ৰাজৰ বাবে বিখ্যাত হৈ পৰিছে।
ইপিনে, সম্প্ৰতি দেৱালয়ত থকা হাজাৰ হাজাৰ বান্দৰ গভীৰ খাদ্য সংকটত পৰিছে। এই টুক্ৰেশ্বৰীৰ বান্দৰৰ খাদ্যৰ অভাৱ কিছু লাঘব কৰিৰ বাবে বিভিন্ন জনৰ লগতে সোমবাৰে কৃষ্ণাই বন বিভাগৰ কৰ্মচাৰী দল এটাই দেৱালয়ত উপস্থিত হৈ বান্দৰৰ বাবে খাদ্য যোগান ধৰে।
আনহাতে, বৰ্তমান ফাগুন মাহ, চাৰিওফালে মাথোঁ শুকান, যাৰ ফলত পাহাৰত খাদ্যৰ নাটনিয়ে দেখা দিছে ৷ সেয়েহে, খাদ্যৰ সন্ধানত বান্দৰৰসমুহে জনাঞ্চলৈ ঢাপলি মেলিছে ৷ বহু সময়ত এনেদৰে ঘাইপথ পাৰ হৈ জনাঞ্চলৈ যোৱা বান্দৰৰ বাহনৰ খুন্দাত মৃত্যু হোৱাকলৈ বন বিভাগ চিন্তিত হৈ পৰিছে।
এনে পৰিস্থিতিত কপিকুলৰ খাদ্য নাটনি দূৰ কৰিবলৈ কৃষ্ণাই বন বিভাগে এতিয়া খাদ্যৰ যোগান ধৰিছে। এইদৰে সময়ে সময়ে খাদ্য দি দেৱালয়খনৰ ভিতৰতে যাতে বান্দৰ সমুহক ৰাখিব পাৰে তাৰ বাবেই তেওঁলোকে এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে।