ইতিহাস প্ৰসিদ্ধ মহামায়া মন্দিৰত খাদ্য সংকটত কপিকূল, প্ৰকৃতিপ্ৰেমী আৰু সাংবাদিকৰ বিশেষ পদক্ষেপ

kk

পশ্চিম অসমৰ তথা ধুবুৰী জিলাৰ সীমান্তত অৱস্থিত পৰ্বতঝৰা মহকুমাৰ অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ মহামায়া মন্দিৰৰ সংলগ্ন মনোমোহা দৃশ্যৰে পৰিবেষ্টিত প্ৰকৃতিৰ মাজত বহুতো বান্দৰে বাস কৰে আৰু নিতৌ শতাধিক বান্দৰে মন্দিৰ চৌহদ বিচৰণ কৰে। এনে দৃশ্য দেখি মন্দিৰ দৰ্শনাৰ্থীসকলে আনন্দ অনুভৱ কৰি আহিছে।

কিন্তু কৰণা মহামাৰীৰ ফলত চলি থকা অৰ্দ্ধ -লকডাউনৰ বাবে এই বান্দৰ সমূহ তীব্ৰ খাদ্য সংকটৰ কৱলত পৰিছে ।

এই কথা উপলব্ধি কৰি বিলাসীপাৰা আৰু বগৰিবাৰী অঞ্চলৰ কেইজনমান প্ৰকৃতিপ্ৰেমী , সাংবাদিক আৰু সমাজকৰ্মীয়ে প্ৰসিদ্ধ মহামায়া মন্দিৰ প্ৰাংগণলৈ গৈ বিচৰণ কৰি থকা বান্দৰ সমূহক ফল-মূল আৰু অন্যান্য খাদ্য সামগ্ৰী যোগান ধৰিছে।

খাদ্যৰ সন্ধানত ব্যগ্ৰ হৈ থকা এই বান্দৰ সমূহৰ বাবে কিছু সকাহ প্ৰদান কৰাৰ বাবে উক্ত সদাশয় ব্যক্তি সকলক সচেতন মহলে ধন্যবাদ জ্ঞাপন কৰি সন্তুষ্টি লাভ কৰিছে।

এই খাদ্য প্ৰদান মহান কাৰ্যসূচীত মহকুমা আৰক্ষী বিষয়া তৃণয়ন ভূঞা’ৰ লগতে সাংবাদিক, প্ৰকৃতিপ্ৰেমী তথা সমাজকৰ্মী ক্ৰমে মফিজুল হুছেইন আহমেদ , সমৰেশ শিল, সঞ্জয় শৰ্মা , নাজিৰ হুছেইন, গণেশ দাস,নিৰ্মল কৰ্মকাৰ, অমিত চৌধুৰী, আমিনুৰ ইছলাম, ৰাজু দাস,তবলু ৰায় ,অবিনাশ শীল আদি সদস্যই অংশগ্ৰহণ কৰে।

উল্লেখ থাকে যে কোভিড প্রটকল নীতি অনুসৰি তীৰ্থযাত্ৰীৰ আগমন বন্ধ হৈ থকা বাবে বান্দৰ বোৰে খাদ্য সংকটত পৰিছে।

কাৰণ মন্দিৰ খোলা থকাৰ সময়ত নিতৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ আদি ৰাজ্যৰ পৰাও পূজা-অৰ্চনাৰ বাবে ইতিহাস-প্ৰসিদ্ধ এই মহামায়া মন্দিৰত বহু ভক্তৰ সমাগম ঘটে ।

ভক্তই আগবঢ়োৱা ফল-মূল আদি খাই বান্দৰ বোৰ জীয়াই আছে।