সৰ্বত্ৰ ধিক্কাৰ! দেশৰ বাবে যিসকলে পদক আনি সন্মান বঢ়াব, তেওঁলোককে শৌচালয়ত খাবলৈ দিছে যোগী চৰকাৰে

Food kept on toilet floor served to player মঙলবাৰে সামাজিক মাধ্যমত এটা ভিডিঅ’ মুকলি হৈছে। ইয়াকেলৈ সমগ্ৰ ভাৰততে ধুমুহাৰ সৃষ্টি হৈছে। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে উত্তৰ প্ৰদেশৰ চাহাৰনপুৰত ছোৱালীৰ বাবে ৰাজ্যিক পৰ্যায়ৰ কাবাডী টুৰ্ণামেণ্টত খেলুৱৈসকলক খাবলৈ দিয়া হৈছে। খাদ্যবোৰ ৰখা হৈছে শৌচাগাৰৰ মজিয়াত।

অনাগত দিনত দেশৰ বাবে যিসকলে পদক আনিব তেওঁলোকৰ প্ৰতি এনে নিৰ্লজ্জ আচৰণক সমাজৰ সকলো স্তৰৰ মানুহে ভৰ্ৎসনা কৰিছে।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে দোষীৰ বাবে কঠোৰ শাস্তি দাবী কৰে।

চতুৰ্বেদীয়ে টুইট কৰি লিখিছে, “এয়া এক চৰম লজ্জাজনক কথা! আমি আমাৰ খেলুৱৈসকলক এই সামান্যখিনি সুযোগ-সুবিধাও দিব নোৱাৰো। অথচ আশা কৰোঁ যে তেওঁলোকে ৰাষ্ট্ৰ আৰু জাতিৰ বাবে পদক জিকি আনিব।‘’

শিৱসেনাৰ নেত্ৰীগৰাকীয়ে তাৎক্ষণিকভাৱে অভিযুক্ত ক্ৰীড়া বিষয়াসকলক  বৰ্খাস্ত কৰাৰ দাবী জনাইছে।

ভিডিঅ’টোত, দেখা গৈছে যে চাহাৰনপুৰৰ ষ্টেডিয়ামৰ শৌচালয়ৰ মজিয়াত এটা ডাঙৰ ডাঙৰ পাত্ৰ ৰখা হৈছে। সেই পাত্ৰবোৰত ভাত, দাইল আৰু অন্যান্য খাদ্যসম্ভাৰ ৰখা হৈছে। তাৰ পৰা যুৱ খেলুৱৈসকলে তেওঁলোকৰ নিজৰ খাদ্য আনিবলৈ বাধ্য হৈছে। তাৰ ঠিক কাষতে প্ৰস্ৰাৱগাৰবোৰ আছে।

ছ’চিয়েল মিডিয়াত এই ভিডিঅ’টো চোৱাৰ পিছত নেটিজেনসকলৰ মন্তব্যবোৰত গালি-গালাজৰে ভৰি পৰিছে। তেওঁলোকে ‘অসভ্য’ৰ পৰা আৰম্ভ কৰি বিষয়াসকলক কুকুৰে কাঁইট নোখোৱাকৈ গালি দিবলৈকো এৰা নাই।

উত্তৰ প্ৰদেশত যোগী চৰকাৰে ছোৱালীৰ বিকাশৰ নামত প্ৰচাৰ অভিযানত কোটি কোটি টকা ব্যয় কৰিছে। মোডী চৰকাৰে সমগ্ৰ দেশৰ মহিলাৰ বিকাশৰ কথা কৈ হৰ্ডিং অঁৰাৰ লগতে বিজ্ঞাপন প্ৰকাশ কৰে। উত্তৰ প্ৰদেশত  শাসনত আছে বিজেপিৰ যোগী আদিত্যনাথ। তেওঁলোকেই দেশৰ ভৱিষ্যত এইসকলৰ প্ৰতি এনে আচৰণ কৰিছে। ভীষণ  কষ্টদায়ক হ’লেও এই চৰম অপমান কাবাডী খেলুৱৈসকলে কেৱল তেওঁলোকৰ নিজৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰি নিৰৱে সহ্য কৰিছে।

কিন্তু বাকী সচেতন মহল মৌন হৈ থাকিবলৈ ইচ্ছুক নহয়। কংগ্ৰেছ নেতাসকলে ইয়াক তীব্ৰ গৰিহণা দিছে। কংগ্ৰেছ দলেও টুইট কৰি লিখিছে, “ক্ৰীড়াক্ষেত্ৰত উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰা ছোৱালীসকলক শৌচালয়ত ৰখা খাদ্য দিয়া হৈছে। যি বিজেপি চৰকাৰে তেওঁলোকৰ মিছা প্ৰচাৰৰ বাবে ব্যয় কৰিবলৈ অকণো কৃপণালি নকৰে, সেই চৰকাৰৰ ওচৰত এই দেশৰ খেলুৱৈসকলক সামান্যতম সুবিধাখিনি দিবলৈও ধনৰ অভাৱ । এই লাজৰ কোনো ভাষা নাই।‘’