NORTHEAST NOW (Assamese)

কামৰূপৰ বামুন্দীত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত খাদ্যত বিষক্ৰিয়া ! আক্ৰান্তৰ সংখ্যা দুই শতাধিকলৈ বৃদ্ধি

April 23, 2022 6:35 am · মৃদুল প্ৰীতম ডেকা,হাজো
Updated: April 23, 2022 6:36 am

কামৰূপ জিলা(গ্ৰাম্য) ৰ বামুন্দীৰ শংকৰ দাস নামৰ এজন ব্যক্তিৰ ভনীয়েকৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ খাদ্যৰ খোৱাৰ পিছতে বহু লোক বিষক্ৰিয়াত আক্ৰান্ত হোৱাৰ পিছতে চিকিৎসালয় ভৰি পৰিছে আক্ৰান্ত লোকেৰে।

বিষক্ৰিয়াৰ ফলত অসুস্থ হৈ পৰিছে ২০০ তকৈ অধিক লোক ।

ইয়াৰে শতাধিক লোকক বৰ্তমান চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত ।

ফলত চিকিৎসালয় ভৰি পৰিছে খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত লোকেৰে।

অসুস্থ লোক সকলক ভৰ্ত্তি কৰোৱা হৈছে ৩০ খন বিচনাযুক্ত শুৱালকুছি মহাত্মা গান্ধী গ্ৰাম্য চিকিৎসালয়ত।

অসুস্থ সকলৰ ভিতৰত আছে কেইবাজনো শিশু ।

জানিব পৰা মতে বিষক্ৰিয়াত আক্ৰান্ত বহু লোকৰ অৱস্থা এতিয়াও সংকটজনক হৈয়েই আছে।

তীব্ৰ পেটৰ বিষ, বমি আৰু ডায়েৰিয়া সদৃশ উপসৰ্গত আক্ৰান্ত হোৱা লোকসকলক চিকিৎসকে পাৰ্যমানে চিকিৎসা সেৱা আগবঢ়াই গৈছে।

কি কাৰণত খাদ্যত বিষক্ৰিয়া হ’বলৈ পালে সেয়া এতিয়াও সঠিককৈ ক’ব পৰা হোৱা নাই।

Related News