খেলৰ মাজতে খেলপথাৰৰ কোণত প্ৰস্ৰাৱ কৰি আছিল ফুটবলাৰে! ৰঙা কাৰ্ড দেখুৱালে ৰেফাৰীয়ে (চাওক ভিডিঅ’)

ফটোঃ সংগ্ৰহীত।

ফুটবলত ৰঙা কাৰ্ড দেখা পোৱাটো আজিকালি বিশেষ আচৰিত কথা নহয়। কাৰণ বৰ্তমান ফুটবলত যদি কোনো ফুটবলাৰে বেয়াধৰণৰ আচৰণ কৰে বা ফাউল কৰে তেন্তে ৰেফাৰীৰ তীক্ষ্ণ দৃষ্টিৰ পৰা আঁতৰি নাযায়। সেই সময়ত ৰঙা কাৰ্ড দেখিবই। সেইবাবেই আজিৰ ফুটবলাৰসকলে আগৰ দৰে ৰুক্ষ আৰু আক্ৰোশী ফুটবল খুব কমেইহে খেলে। তেওঁলোকে নিজৰ খেল অতি সাৱধানে খেলে।

কিন্তু তাৰপিছতো ফুটবলাৰসকলে বিভিন্ন কাৰণত ৰঙা কাৰ্ড দেখিবলগীয়া লগা হয়। কিন্তু আজিকালি ফুটবলাৰ এজনে ৰঙা কাৰ্ড পাবলগীয়া কাৰণবোৰ কোনেও সপোনতো ভাবিব নোৱাৰিব। পেৰুৰ খেলুৱৈ চেবাষ্টিয়ান মুনোজক খেলপথাৰত প্ৰস্ৰাৱ কৰাৰ বাবে ৰেফাৰীয়ে ৰঙা কাৰ্ড দেখুৱায়। মানে খেলৰ সময়ত ফুটবলাৰজনে খেলপথাৰৰ কোণত প্ৰস্ৰাৱ কৰে আৰু ৰঙা কাৰ্ড পায়।

কোপা পেৰু নিম্ন ডিভিজনৰ প্ৰতিযোগিতাৰ সময়ত সংঘটিত হয় এই ঘটনা। এই মেচখনত এটলেটিকো আৱাজুন আৰু কেণ্টৰচিলো এফ চিয়ে ইটোৱে সিটোৰ বিৰুদ্ধে খেলিছিল। এই মেচখনত সংঘটিত হৈছিল এই আশ্চৰ্যজনক ঘটনা।

লগতে পঢ়কঃ অলিম্পিকৰ পিছতেই বাঢ়িল অধিক জনপ্ৰিয়তা : আয় ৩ গুণলৈ বৃদ্ধি পালে ৱিনেশ ফ’গাটৰ

খেলখনৰ ৭১ মিনিটত আৱাজুনে কৰ্ণাৰ লাভ কৰে। যিটো শ্বট ল’বলৈ কিছু সময় লাগিছিল কাৰণ কেণ্টৰচিলোৰ গ’লৰক্ষকগৰাকীয়ে সামান্য আঘাত পাইছিল আৰু সেই সময়ত খেলপথাৰৰ ভিতৰতে চিকিৎসাধীন হৈ আছিল।

সেই সময়ত খেল বন্ধ হৈ আছিল। খেলখন পুনৰ আৰম্ভ হ’বলৈ বহু সময় বাকী আছিল। তেতিয়াই মুনোজৰ প্ৰস্ৰাৱ লাগে। খেল পলম হোৱা দেখি তেওঁ কৰ্ণাৰৰ পতাকাৰ ওচৰৰ খেলপথাৰৰ কাষলৈ গৈ প্ৰস্ৰাৱ কৰিবলৈ ঠাই বিচাৰি ল’লে। মুনোজে খেলপথাৰৰ কাষৰ বেৰত প্ৰস্ৰাৱ কৰি থাকিল। এইখিনিতে ৰেফাৰীয়ে খেল আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। কিন্তু মুনোজে তেতিয়াও প্ৰস্ৰাৱ কৰি আছিল। কেণ্টৰচিলোৰ খেলুৱৈসকলে এই কথা ৰেফাৰীৰ দৃষ্টিগোচৰ কৰে।

মুনোজৰে প্ৰস্ৰাৱ কৰি থকা দেখি খং উঠিল ৰেফাৰীৰ। লগে লগে তেওঁ মুনোজৰ ফালে আগবাঢ়ি গ’ল। সেই সময়তে মুনোজে প্ৰস্ৰাৱ কৰা বন্ধ কৰি খেলপথাৰলৈ উভতি আহিল। তেতিয়াই ৰেফাৰীয়ে মুনোজক ৰঙা কাৰ্ড দেখুৱায়। এনেধৰণে ৰঙা কাৰ্ড দেখি খেলুৱৈজন আচৰিত হৈ পৰে আৰু ৰেফাৰীৰ পিনে চাই ৰয়।

বিগত সময়তো একেধৰণৰ ঘটনাত আৰ্চেনালৰ প্ৰাক্তন গ’লৰক্ষক জেন্স লেহমানে প্ৰস্ৰাৱ কৰিবলৈ হাৰ্ডিঙৰ ওপৰেৰে জপিয়াই নিজকে সকাহ দিছিল আৰু বিপক্ষৰ আক্ৰমণ ৰোধ কৰিবলৈ ঠিক সময়ত উভতি আহিছিল। ইংলেণ্ডৰ কিংবদন্তি গেৰী লাইনেকাৰক এনে আন এক জঘন্য ঘটনাৰ সৈতে জড়িত কৰা হৈছিল। ১৯৯০ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ সময়ত খেলপথাৰৰ পিচপিনে তেওঁ শৌচ কৰিছিল।