বহু বছৰ পূৰ্বে অস্ত্ৰোপচাৰ কৰি শৰীৰৰ পৰা এপেণ্ডিক্স আঁতৰাই পেলোৱা হৈছিল। সেয়া ২০১২ চনৰ কথা। তাৰ পাছতো পেটৰ বিষ কমি যোৱা নাছিল। ছিকিমৰ এগৰাকী পঞ্চল্লিশ বছৰীয়া মহিলাৰ পেটত বিগত ১০ বছৰ ধৰি ধাৰাবাহিকভাৱে বিষ হৈছিল। কেইবাজনো ডাক্তৰে দেখুৱাই দিলে। কিন্তু কোনো সমাধান নাছিল। শেষত আচল সমস্যাটো যোৱা মাহত ধৰা পৰিল! মহিলাগৰাকীৰ তলৰ পেটৰ ভিতৰত এখন কেঁচি এৰি দিয়া হৈছিল। ২০১২ চনত এপেণ্ডিক্সৰ অস্ত্ৰোপচাৰৰ সময়ত কেঁচিখন পেটৰ ভিতৰত থৈ যোৱাৰ অভিযোগ ৰোগীজন আৰু তেওঁৰ পৰিয়ালৰ।
ৰোগীগৰাকীৰ স্বামীয়ে জনোৱা মতে, ২০১২ চনত মহিলাগৰাকীৰ গেংটকৰ এখন চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰা হৈছিল। শৰীৰৰ পৰা এপেণ্ডিক্স অস্ত্ৰোপচাৰৰ দ্বাৰা আঁতৰোৱাৰ পাছত বিষ কমি যাব লাগে। কিন্তু নহ’ল। ওলোটা বিষ বাঢ়িহে গ’ল। যোৱা ১০ বছৰ ধৰি তেওঁ পত্নীক কেইবাজনো চিকিৎসকৰ ওচৰলৈ লৈ যায়৷ কিন্তু বিষৰ পৰা উপশম পোৱা নাছিল। অৱশেষত ৮ অক্টোবৰত পুনৰ মহিলাগৰাকীক গেংটকৰ একেখন চিকিৎসালয়লৈ লৈ যোৱা হয়। মহিলাগৰাকীৰ পেটৰ তলৰ অংশৰ এক্স-ৰে লোৱা হয়। তেতিয়াই কথাটো ধৰা পৰে।
পৰিয়ালৰ দাবী, ইমান বছৰে কোনো চিকিৎসকে এই বিষয়টো ধৰিব পৰা নাছিল। কোনোবাই ভিটামিনৰ বড়ি লিখি দিলে। কোনোবাই গেষ্ট্ৰিক সমস্যাৰ ঔষধ প্ৰেছক্ৰিপচন কৰিছিল। কিন্তু কিহৰ বাবে সমস্যাটো কোনেও ধৰিব পৰা নাছিল। ইয়াৰ পাছত এটা স্বাস্থ্য কেন্দ্ৰত বায়’প্সি কৰা হয়। তাত বিষয়টোক লৈ সন্দেহ প্ৰকাশ কৰিছে চিকিৎসকে। মহিলাগৰাকীক দ্ৰুতগতিত পুনৰ গেংটকৰ একেখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় য’ত তেওঁৰ এদশক পূৰ্বে এপেণ্ডিক্সৰ অস্ত্ৰোপচাৰ হৈছিল৷
গেংটকৰ সেই চিকিৎসালয়ত এক্স-ৰে কৰাৰ পাছত দেখা গ’ল যে কেঁচিখন পেটৰ তলৰ অংশত ৰৈ গৈছে। চিকিৎসকে পৰিয়ালটোক আশ্বাস দিয়ে যে কেঁচিখন অস্ত্ৰোপচাৰৰ জৰিয়তে আঁতৰাই পেলাব পৰা যাব। ৮ অক্টোবৰত মহিলাগৰাকীৰ তলৰ পেটৰ পৰা অস্ত্ৰোপচাৰৰ জৰিয়তে কেঁচিখন আঁতৰাই দিয়া হয়। বৰ্তমান মহিলাগৰাকীৰ শাৰীৰিক অৱস্থা সুস্থিৰ। এই ঘটনা কেনেদৰে সংঘটিত হ’ল তাৰ তদন্তৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই এক উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰিছে। এই বিষয়টো বৈঠকৰ অন্তত অৱগত কৰা হ’ব বুলি চিকিৎসালয়খনে অৱগত কৰিছে।