NORTHEAST NOW (Assamese)

অপ্ৰতিৰোধ্য কৰ’না: প্ৰথমবাৰৰ বাবে দেশত যোৱা ২৪ ঘন্টাত প্ৰায় ২০হাজাৰ লোক কৰ’নাত আক্ৰান্ত

June 28, 2020 11:23 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

দেশত কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে। যোৱা এটা দিনত দেশত ১৯,৯০৬জন লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু ৪১০ জন লোকৰ মৃত্যু হৈছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৫,২৮,৮৫৯জন।

ইয়াৰ ভিতৰত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২,০৩,০৫১জন আৰু ৩,০৯,৭১৩জন ৰোগী সুস্থ হৈ উঠিছে।

কৰ’নাৰ ফলত এতিয়ালৈকে দেশত ১৬,০৯৫জন লোকৰ মৃত্যু হৈছে।

দেশৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ মহাৰাষ্ট্ৰৰ অৱস্থা শোচনীয় হৈ পৰিছে।

ৰাজ্যখনত এদিনত ৰেকৰ্ড সংখ্যক ৫,৩১৮জন লোক আক্ৰান্ত হোৱাৰ পাছত মুঠ আক্ৰান্তৰ সংখ্যা ১,৫৯,১৩৩জনলৈ বৃদ্ধি পাইছে।

আনহাতে, ৰাজ্যখনত ১৬৭জন লোক নতুনকৈ মৃত্যু হোৱাৰ পাছত কৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭,২৭৩জনলৈ বৃদ্ধি পাইছে।

Related News