লতাশিলত বিপুল জনতাৰ সংকল্প : বিজেপিৰ বিপৰীত মতাদৰ্শৰ হাতত ধৰি আগ বাঢ়িব আন্দোলন

Latasil Protest

১২ ডিচেম্বৰত লতাশিলৰ দৃশ্য। ফটোৰ উৎস : ইণ্টাৰনেট।

সদৌ অসম ছাত্ৰ সন্থা আৰু শিল্পী জুবিন গাৰ্গৰ আহ্বানত আজি গুৱাহাটীৰ লতাশিল খেলপথাৰত হাজাৰ হাজাৰ জনতাই সমবেত হৈ নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱালৰ বিশ্বাসঘাতকতাৰ বিৰুদ্ধে আন্দোলন আগুৱাই নিয়াৰ সংকল্প লৈছে।

আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই বিজেপিৰ বিপৰীত মতাদৰ্শ, মহাত্মা গান্ধীৰ অহিংসাৰ পন্থাক আন্দোলনটোৰ চালিকা শক্তি কৰাৰ কথা ঘোষণা কৰি কয়, “আমি অহিংসা আৰু শৃংখলাবদ্ধতাৰে আন্দোলন কৰি যাম”।

লতাশিলত সমবেত হ’বলৈ বিভিন্ন দিশৰ পৰা আহি থকা প্ৰতিবাদকাৰীক বাধা দিবলৈ নিৰাপত্তাৰক্ষীয়ে কৰা সকলো চেষ্টা ওফৰাই হাজাৰ হাজাল লোক লতাশিল খেলপথাৰত উপস্থিত হয়।

প্ৰতিবাদকাৰীসকলক সম্বোধন কৰি সমুজ্জ্বল ভট্টাচাৰ্য্যৰ মন্তব্য, “নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱালে অসমৰ ৰাইজক চূড়ান্ত বিশ্বাসঘাতকতা কৰিলে। সোণোৱালক অসমৰ ৰাইজে ভোট দিছিল, কিন্তু তেওঁ এতিয়া অসমৰ ৰাইজক চূড়ান্ত বিশ্বাসঘাতকতা কৰিছে।”

চৰকাৰ আৰু নিৰাপত্তাৰক্ষীৰ বাধাক প্ৰত্যাহ্বান জনাই তেওঁ কয়, “লক্ষ্মীনাথ বেজবৰুৱাই এই লতাশিল খেলপথাৰতে এশ বছৰ পূৰ্বে ছাত্ৰ সংগঠনৰ জন্ম দিছিল। এই খেলপথাৰখন সোণোৱালৰ পৈতৃক সম্পত্তি নহয়”।

প্ৰতিবাদস্থলীতে ভট্টাচাৰ্য্যৰ ঘোষণা, ছাত্ৰ সন্থাই অতি শীঘ্ৰে উচ্চতম ন্যায়ালয়ত বিধেয়কখনৰ বিৰুদ্ধে গোচৰ তৰিব।

ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ এটা দলে “আছু”ৱে দিবলগীয়া আৱেদনৰ বাবে কাম আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

ইফালে উত্তৰ-পূব ছাত্ৰ সন্থা চমুকৈ নেছ’ই ১১ ডিচেম্বৰৰ দিনটো সমগ্ৰ উত্তৰ-পূবতে ‘ক’লা দিন’ হিচাপে পালন কৰি যোৱাৰ সিদ্ধান্ত লয়। আছুৰ সমান্তৰালকৈ নেছ”ৱেও উচ্চতম ন্যায়লয়ত গোচৰ তৰিব।

শিল্পী জুবিন গাৰ্গে সৰ্বা, হিমন্তক পুলিচ-সেনা এৰি প্ৰতিবাদস্থলীলৈ আহিবলৈ প্ৰত্যাহ্বান জনায়। তেওঁ কয়, “শিল্পীয়ে মানুহৰ বাবে কাম কৰে। নেতা সকল মানুহৰ বাবে নহয়। মানুহৰ কথা নুশুনিলে তেওঁলোক টিকি থাকিব নোৱাৰিব”।

সৰ্বানন্দ সোণোৱাল কেনেকৈ মুখ্য মন্ত্ৰী হৈ আছে বুলি প্ৰশ্ন কৰে শিল্পীগৰাকীয়ে।

প্ৰতিবাদস্থলীত উপস্থিত থকা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয়, “আমি গণতন্ত্ৰৰ প্ৰতি আস্থা হেৰুৱাই সশস্ত্ৰ সংগ্ৰামৰ পথ লৈছিলো। কিন্তু পাছত পুনৰ গণতন্ত্ৰৰ প্ৰতি আস্থা প্ৰকাশ কৰি ঘূৰি আহিছিলো। কিন্তু এতিয়া গণতন্ত্ৰৰ প্ৰতি আস্থা ৰাখিম নে নাৰাখিম সেইটো আমি চিন্তা কৰিব লগীয়া হৈছে। গণতন্ত্ৰৰ প্ৰতি আস্থা প্ৰকাশ কৰি আমি ভুল কৰিলো নেকি তেনেকুৱা এটা ভাব আহিছে।”

আছুৱে ১৩ ডিচেম্বৰত চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত ৰাতিপুৱা ৬ বজাৰ পৰা গণ অনশন কাৰ্যসূচীৰ ঘোষণা কৰিছে আৰু তাত ভাগ ল’বলৈ সকলোকে আহ্বান জনাইছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ অমৰ জ্যোতি চৌধুৰীও আজি প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকি কয়, “মই ৰাইজৰ লগত আহিছো, যদি এয়া আইন অমান্য হয় তেন্তে মই মোৰ চাকৰিৰ পৰা পদত্যাগ কৰিবলৈ সাজু আছো।”

প্ৰতিবাদস্থলীত জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, শিল্পী মানস ৰবীনৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত আছে।