শেহতীয়াকৈ উত্তৰাখণ্ডৰ উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে এটা গোচৰৰ শুনানি গ্ৰহণ কৰে। এগৰাকী পত্নীয়ে স্বামীৰ অস্বাভাৱিক আৰু বলপূৰ্বক যৌন সম্পৰ্কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
এই অভিযোগৰ ভিত্তিত অভিযুক্ত স্বামীৰ বিৰুদ্ধে ৩৭৭ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল। ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ নং ধাৰা অনুসৰি অস্বাভাৱিক যৌন সম্পৰ্ক এটা শাস্তিযোগ্য অপৰাধ।
আদালতে দিয়া ৰায় অনুসৰি ধাৰা ৩৭৫(২) অনুসৰি পত্নীৰ বয়স ১৫ বছৰৰ অনুৰ্ধ নহ’লে স্বামী আৰু পত্নীৰ মাজত যৌন সম্পৰ্ক বা অন্যান্য যৌন কাৰ্য্যকলাপ কেতিয়াও ধৰ্ষণ নহয়। গতিকে স্বামীয়ে পত্নীৰ সৈতে পায়ুপথৰ সংগম কৰিলেও স্বামীৰ বিৰুদ্ধে অস্বাভাৱিক যৌন সম্পৰ্কৰ অভিযোগ উত্থাপন কৰিব নোৱাৰি।
এই গোচৰত পত্নীয়ে অভিযোগ কৰে যে স্বামীয়ে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁৰ সৈতে বাৰে বাৰে পায়ুপথৰ সংগম কৰিছিল। ফলত তেওঁ গুৰুতৰভাৱে আহত হয় আৰু আনকি ৰক্তক্ষৰণো হয়। কেইবাখনো চিকিৎসালয়ত চিকিৎসা কৰিবলগীয়া হয়।
আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো স্বামীয়ে জোৰ-জবৰদস্তি কৰা আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে। লগতে অভিযোগ কৰে যে যদিহে তেওঁ স্বামীৰ বলপূৰ্বক পায়ুপথৰ সংগম বা মৌখিক যৌন সম্পৰ্কৰ দাবী মানি নচলে তেন্তে স্বামীয়ে তেওঁলোকৰ সন্তানক লেপটপত অশ্লীল বিষয়বস্তু দেখুৱায়। সেই ভয়ানক অভিজ্ঞতাৰ পৰা শিশুটিক বচাবলৈ তাই স্বামীৰ দাবীৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈছিল।
কেৱল সেয়াই নহয়, স্বামীয়ে শিশুটিক নিজৰ ব্যক্তিগত অংগ দেখুৱাইছিল, শিশুটিৰ সন্মুখত প্ৰস্ৰাৱ কৰিছিল। আনকি শিশুটিৰ সন্মুখত পত্নীৰ সৈতে বলপূৰ্বকভাৱে যৌন সম্পৰ্ক স্থাপন কৰা বুলিও অভিযোগ উত্থাপন হৈছে।
এই অভিযোগৰ পিছত পত্নীয়ে স্বামীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৭ (অস্বাভাৱিক যৌন কাৰ্যকলাপ) আৰু POCSO আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰে।
অতিৰিক্ত অধিৱেশন আদালত হৰিদ্বাৰৰ বিশেষ ন্যায়াধীশে চমন কৰে স্বামীক। এই চমন আদেশক স্বামীয়ে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায়। উচ্চ ন্যায়ালয়ত শুনানিৰ সময়ত পত্নীৰ অধিবক্তাই যুক্তি দিছিল যে বিবাহৰ সময়ত অবৈধ যৌন সম্পৰ্কত কোনেও সন্মতি নিদিয়ে। তেওঁ আৰু যুক্তি দিছিল যে ৩৭৭ নং অনুচ্ছেদটো এটা স্বতন্ত্ৰ বিধান। ৩৭৫ নং অনুচ্ছেদৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ধাৰা ৩৭৭ অনুসৰি যিকোনো বলপূৰ্বক অস্বাভাৱিক যৌন সম্পৰ্ক শাস্তিযোগ্য অপৰাধ। স্বামী-স্ত্ৰীৰ ক্ষেত্ৰতো এই আইনৰ ব্যতিক্ৰম নাই। তেওঁ আৰু কয় যে হিন্দু বিবাহ আইন, ১৯৫৫ৰ ১৩(২) ধাৰাত পায়ু সংগমক বিবাহ বিচ্ছেদৰ ভিত্তি হিচাপে চিন্তা কৰা হৈছে।
কিন্তু ন্যায়াধীশগৰাকীয়ে কয় যে হিন্দু বিবাহ আইনৰ এই ধাৰা অনুসৰি স্বামী-স্ত্ৰীৰ মাজত পায়ু সংগমৰ ক্ষেত্ৰত ইয়াক অপৰাধ বুলি কোৱা নহয়। যদি স্বামীয়ে পত্নীৰ বাহিৰে আন কোনো মহিলাৰ লগত এনে আচৰণ কৰে, তেন্তে সেই ক্ষেত্ৰত হিন্দু বিবাহ আইনৰ এই ধাৰাত স্বামীক দোষী সাব্যস্ত কৰিব পাৰি। আকৌ যদি স্বামী-স্ত্ৰীৰ কোনো যৌন কাৰ্য্যকলাপ ধাৰা ৩৭৫ৰ অধীনত শাস্তিযোগ্য নহয়, তেন্তে একেটা অপৰাধক ধাৰা ৩৭৭ৰ অধীনতো অপৰাধ হিচাপে গণ্য কৰা নহ’ব।
আদালতে কয়, ‘এনে পৰিস্থিতিত ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ ধাৰাৰ বিধান স্বামীৰ বিৰুদ্ধে প্ৰয়োগ কৰিব নোৱাৰিব। যদিও স্বামীক ধাৰা ৩৭৭ৰ অভিযোগৰ পৰা মুক্ত কৰা হৈছিল, তথাপিও হৰিদ্বাৰ অতিৰিক্ত অধিবেশন আদালতৰ বিশেষ অধিবেশন ন্যায়াধীশে POCSO ৰ অধীনত ৰুজু অভিযোগৰ বাবে তেওঁক দিয়া চমন সমৰ্থন কৰে।