• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজিত ৰহস্যজনকভাবে মৃত্যু বিদেশী ছাত্ৰীৰ! প্ৰতিবাদত উত্তাল চৌহদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2025 9:37 pm
539
VIEWS
Share on FacebookShare on Twitter

আকৌ পোহৰলৈ আহিছে উচ্চ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা। দেওবাৰে ভুৱনেশ্বৰস্থিত কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজিৰ হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছে এগৰাকী ছাত্ৰীৰ মৃতদেহ।

জানিব পৰা মতে, মৃত ছাত্ৰীগৰাকী নেপালৰ নাগৰিক। ছাত্ৰীগৰাকীৰ নাম প্ৰকৃতি লামছাল। তৃতীয় বৰ্ষৰ বি টেকৰ ছাত্ৰী আছিল লামছাল।

এই ঘটনাৰ পিছতে প্ৰতিবাদ কৰিছে শিক্ষাৰ্থীসকলে। বিশেষকৈ নেপালৰ ছাত্ৰ-ছাত্ৰী সকলে ঘটনাৰ ন্যায় বিচাৰি হোষ্টেলৰ সমুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে। উল্লেখ্য যে কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজিত প্ৰায় এহেজাৰ নেপালী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ কৰি আছে।

আনহাতে, কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসৰ সন্মুখত নেপালী ছাত্ৰ-ছাত্ৰীৰ এটা দলে প্ৰতিবাদ সাব্যস্ত কৰে। প্লেকাৰ্ড হাতত লৈ শ্লোগান দি ঘটনাৰ সম্পূৰ্ণ তদন্তৰ দাবী জনায়।

এই ঘটনা সন্দৰ্ভত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা সমাধানৰ বাবে দুজন চৰকাৰী বিষয়াক শিক্ষানুষ্ঠানটিলৈ প্ৰেৰণ কৰা হৈছে।

ইতিমধ্যে নেপালত থকা ভাৰতীয় দূতাবাসে এই সন্দৰ্ভত সম্পূৰ্ণ তদন্তৰ প্ৰতিশ্ৰুতি দিছে।

ইফালে, মৃত ছাত্ৰীগৰাকীৰ পিতৃ সুনীল লামছালে সংবাদ মাধ্যমৰ আগত কয় যে বিগত কেইবামাহো ধৰি তেওঁৰ কন্যা মানসিক চাপত আছিল। বাৰে বাৰে তেওঁক ব্লেকমেইল কৰা হৈছিল। তেওঁৰ ওপৰত বিভিন্ন ধৰণে মানসিক চাপ দিয়া হৈছিল। শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষক তেওঁ এই বিষয়ে বাৰে বাৰে জনাইছিল যদিও কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি লাভ কৰা নাছিল। যাৰ বাবে তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হ’ল।

উল্লেখ্য যে শেহতীয়াকৈ মানসিক চাপ আৰু অত্যাচাৰৰ বলি হৈ দেশৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ ঘটনা সুলভ হৈ পৰিছে। এতিয়া ভাৰতত পঢ়িবলৈ আহি বিদেশৰ ছাত্ৰীও এই সমস্যাৰ বলি হৈ মৃত্যুক সাৱটি ল’বলগা হোৱা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজি ভাৰত আৰু নেপালৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা আৰু সংস্কৃতিৰ এক মিলনভূমি ৰূপে পৰিগণিত হৈ আহিছে। কিন্তু মানসিক চাপত নেপালৰ ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাচি ল’ব লগা হোৱা ঘটনাই দুই দেশৰ এই শৈক্ষিক সম্পৰ্কৰ অৱনতি ঘটাব বুলি সচেতন মহলে শংকা প্ৰকাশ কৰি শীঘ্ৰে ঘটনাৰ তদন্ত কৰিবলৈ দাবী জনাইছে।

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd