NORTHEAST NOW (Assamese)

কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজিত ৰহস্যজনকভাবে মৃত্যু বিদেশী ছাত্ৰীৰ! প্ৰতিবাদত উত্তাল চৌহদ

February 18, 2025 9:37 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 18, 2025 9:38 pm

আকৌ পোহৰলৈ আহিছে উচ্চ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা। দেওবাৰে ভুৱনেশ্বৰস্থিত কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজিৰ হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছে এগৰাকী ছাত্ৰীৰ মৃতদেহ।

জানিব পৰা মতে, মৃত ছাত্ৰীগৰাকী নেপালৰ নাগৰিক। ছাত্ৰীগৰাকীৰ নাম প্ৰকৃতি লামছাল। তৃতীয় বৰ্ষৰ বি টেকৰ ছাত্ৰী আছিল লামছাল।

এই ঘটনাৰ পিছতে প্ৰতিবাদ কৰিছে শিক্ষাৰ্থীসকলে। বিশেষকৈ নেপালৰ ছাত্ৰ-ছাত্ৰী সকলে ঘটনাৰ ন্যায় বিচাৰি হোষ্টেলৰ সমুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে। উল্লেখ্য যে কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজিত প্ৰায় এহেজাৰ নেপালী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ কৰি আছে।

আনহাতে, কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসৰ সন্মুখত নেপালী ছাত্ৰ-ছাত্ৰীৰ এটা দলে প্ৰতিবাদ সাব্যস্ত কৰে। প্লেকাৰ্ড হাতত লৈ শ্লোগান দি ঘটনাৰ সম্পূৰ্ণ তদন্তৰ দাবী জনায়।

এই ঘটনা সন্দৰ্ভত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা সমাধানৰ বাবে দুজন চৰকাৰী বিষয়াক শিক্ষানুষ্ঠানটিলৈ প্ৰেৰণ কৰা হৈছে।

ইতিমধ্যে নেপালত থকা ভাৰতীয় দূতাবাসে এই সন্দৰ্ভত সম্পূৰ্ণ তদন্তৰ প্ৰতিশ্ৰুতি দিছে।

ইফালে, মৃত ছাত্ৰীগৰাকীৰ পিতৃ সুনীল লামছালে সংবাদ মাধ্যমৰ আগত কয় যে বিগত কেইবামাহো ধৰি তেওঁৰ কন্যা মানসিক চাপত আছিল। বাৰে বাৰে তেওঁক ব্লেকমেইল কৰা হৈছিল। তেওঁৰ ওপৰত বিভিন্ন ধৰণে মানসিক চাপ দিয়া হৈছিল। শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষক তেওঁ এই বিষয়ে বাৰে বাৰে জনাইছিল যদিও কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি লাভ কৰা নাছিল। যাৰ বাবে তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হ’ল।

উল্লেখ্য যে শেহতীয়াকৈ মানসিক চাপ আৰু অত্যাচাৰৰ বলি হৈ দেশৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ ঘটনা সুলভ হৈ পৰিছে। এতিয়া ভাৰতত পঢ়িবলৈ আহি বিদেশৰ ছাত্ৰীও এই সমস্যাৰ বলি হৈ মৃত্যুক সাৱটি ল’বলগা হোৱা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজি ভাৰত আৰু নেপালৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা আৰু সংস্কৃতিৰ এক মিলনভূমি ৰূপে পৰিগণিত হৈ আহিছে। কিন্তু মানসিক চাপত নেপালৰ ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাচি ল’ব লগা হোৱা ঘটনাই দুই দেশৰ এই শৈক্ষিক সম্পৰ্কৰ অৱনতি ঘটাব বুলি সচেতন মহলে শংকা প্ৰকাশ কৰি শীঘ্ৰে ঘটনাৰ তদন্ত কৰিবলৈ দাবী জনাইছে।

Related News