বিশ্বনাথত শাৰদীয় বিহু ! হেপাহ পলুৱাই নাচিলে ইংলেণ্ডৰ পৰা অহা আলহিয়ে

Tourist at Biswanath

এতিয়া শৰতৰ বতৰা। শৰৎ আগমনৰ লগে লগে সকলোৱেই শৰতৰ ৰাণী দুৰ্গা দেৱীক আদৰাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। পিছে সমগ্ৰ ৰাজ্যবাসী দুৰ্গা পুজাৰ প্ৰস্তুতিক লৈ ব্যস্ত থকাৰ সময়তেই সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা বিশেষ আলহীক এক অন্য ৰূপত দেখিবলৈ পোৱা গ’ল।

আজি পুৱা সুদুৰ ইংলেণ্ডৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি পৰ্যটন নগৰী বিশ্বনাথ ঘাটত আহি উপস্থিত হোৱা পাঁচ গৰাকীকৈ পৰ্যটকৰ দলক বিহু নাচি মতলীয়া হৈ পৰা দেখা পোৱা গ’ল।

উল্লেখযোগ্য যে ‘চৰাইদেউ’ নামৰ জাহাজখনৰে গুপ্তকাশী দৰ্শনৰ বাবে অহা পৰ্যটকৰ দলটোক আদৰণি জনাবলৈ আমাৰ সংবাদাতাৰ নিজা বাসগৃহত সাজু হৈ থকা ‘ৰূপজ্যোতি বিহুৱা’ দলটোৰ লগত ককাল ঘুৰাই বিহু নাচিলে ইংলেণ্ডৰ পৰা অহা ককা আইতা সকলে। ঢোলৰ শব্দত যেন এই শাৰদীয় বতৰৰ মাজতো অঞ্চলটোত  হঠাৎ এক বিহুৰ পৰিৱেশ সৃষ্টি হ’ল, ঢোলৰ মাত শুনি ওলাই আহিল বিশ্বনাথ ঘাটৰ ৰাইজ।

বিহু নাচ উপভোগ কৰি উঠি পৰ্যটক কেইগৰাকীয়ে বিশ্বনাথৰ পৌৰাণিক কীৰ্তি চিহ্ন, মঠ মন্দিৰসমূহ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ বহুখিনি ঠাই ভ্ৰমণ কৰে। উল্লেখযোগ্য যে অক্টোবৰ-নৱেম্বৰ মাহৰ পৰা মাৰ্চ-এপ্ৰিল মাহলৈকে পৰ্যটন নগৰি বিশ্বনাথ ঘাট দেশী-বিদেশী পৰ্যটক সকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠে।