টীয়কত জাঁজী নদীৰ বালি অবৈধ খননৰ বিৰুদ্ধে যোৰহাট বন বিভাগৰ অভিযান

যোৰহাট জিলাৰ টীয়কৰ তামুলীছিগা আৰু বনাই অঞ্চলত জাঁজী নদীত বালি খননৰ বাবে বনবিভাগে নিবিদা দিয়া মহলৰ উপৰিও উক্ত অঞ্চলটোত বহু স্থানত নদীৰ বুকুৰ পৰা বালি খন্দাৰ লগতে মথাউৰি কটাৰ অভিযোগৰ ভিত্তিত যোৰহাট বন বিভাগে বনাইৰ পৰা তামুলীচিগালৈকে সমগ্ৰ অঞ্চলত অভিযান চলায়।

অভিযানত চৰকাৰী আৱন্ত্ৰণ নথকা কেইবাটাও স্থান মেচিনেৰে বালি তুলি থকা প্ৰত্যক্ষ কৰে আৰু লগে লগে উক্ত মেচিনসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।

অভিযোগ মতে উক্ত দুটা ঘাটৰ নিবিদা লাভ কৰা মহলদাৰে বেআইনীভাৱে অঞ্চলৰ বহু যুৱকক তেওঁৰ আওতাতে সেই ঘাটসমূহ পৰে বুলি কৈ চুক্তিপত্ৰ কৰি বালি তুলিবলৈ অনুমতি দিছিল।

কিন্তু বন বিভাগে জনোৱা মতে বনাই আৰু তামুলীচিগাত মাত্ৰ নিদিৰ্ষ্ট দুটা অঞ্চলতহে বালি তোলাৰ চৰকাৰী অনুমতি আছে।
বনবিভাগে ইতিমধ্যে সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে। কাৰ ছত্ৰছায়াত দৰাচলতে এই বালিৰ অবৈধ খনন চলিছে সেয়া পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব।

জানিব পৰা মতে ইতিমধ্যে বনবিভাগে উক্ত ঘাটসমূহত অবৈধভাৱে চলি থকা মেচিনসমূহ জব্দ কৰিছে।