মাৰ্ঘেৰিটাত অনুমতিবিহীন কয়লা খনিত বন বিভাগৰ অভিযান; জব্দ ৪ হাজাৰ টন কয়লা

coal mining

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বনবিভাগৰ আপত্তিবিহীন প্ৰমানপত্ৰ নোলোৱাকৈ কয়লা খনন কৰি থকাৰ অভিযোগত বনবিভাগে উত্তৰ-পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত টিকক অ চি পিত অতৰ্কিতে অভিযান চলাই কয়লা খনন বন্ধ কৰি দিয়ে।

অভিযানকালত বন বিভাগে অবৈধভাৱে খনন কৰা প্ৰায় ৪  হাজাৰ টন কয়লা জব্দ কৰে।

২৪ অক্টোবৰৰ পৰা উক্ত স্থানত কয়লা খনন সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে।

এ এন ই নামৰ মাইনিং কোম্পানীটোৰ জৰিয়তে উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰবন্ধক যুগল বৰাই  অবৈধভাৱে কয়লা খনন কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ইতিমধ্যে কয়লা খনন থলীৰ পৰা কোম্পানীটোৰ সকলো গাড়ী আৰু যন্ত্ৰপাতি নমাই অনা হৈছে যাৰ ফলশ্ৰুতিত কোম্পানীটোত কৰ্মৰত শ্ৰমিক,কৰ্মচাৰী সকলৰ ভৱিষ্যত অনিশ্চিত হৈ পৰাৰ আশংকা কৰা হৈছে।

বনবিভাগে খনন প্ৰক্ৰিয়া বন্ধ কৰাৰ লগতে অবৈধ কয়লা জব্দ কৰিছে যদিও অনুমতিবিহীনভাৱে কয়লা খনন কৰা প্ৰতিষ্ঠানটোৰ বিষয়া সকলৰ বিৰুদ্ধে কেনেধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কে জানিব পৰা হোৱা নায়।

আনহাতে, এই সম্পৰ্কত প্ৰতিষ্ঠানটোৰ মহাপ্ৰৱন্ধক যুগল বৰাৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰা হয় যদিও তেওঁৰ সৈতে যোগাযোগ স্থাপন সম্ভৱ নহ’ল।

প্ৰতিষ্ঠানটোৰ এগৰাকী  বিষয়াই জানিবলৈ দিয়া মতে,  ২০০৩ চনতে কয়লা খননৰ বাবে বনভূমি ব্যৱহাৰৰ অনুমতি বিচাৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত  আবেদন কৰা হৈছিল যদিও আজিকোপতি সেই সম্পৰ্কত ক্লীয়াৰেঞ্চ নিদিয়াৰ বাবেই এনেধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে।

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, সমগ্ৰ ঘটনাৰ পাছত মহাপ্ৰৱন্ধক বৰাই আইনৰ পৰা সুৰক্ষা লবলৈ তৎপৰ হৈ পৰিছে।